বছোৰালৈ প্ৰথম বিদেশযাত্ৰা কৰে। তাৰ পৰাও তেওঁ আন ঠাইলৈ
যায়। মক্কাৰ হজৰত ওচমানৰ লৰা ওমৰৰ লগত তেওঁৰ বন্ধুতা
হয়। তাত তেওঁ ডেৰ বছৰ থাকি আৰু ইয়াকুবল্ আস্তমৰ
জীয়েকক বিয়া কৰায়। শেষত ওমৰৰ লগত তেওঁৰ মনোবাদ হৈ
তাৰ পৰা বোগ্দাদৰ মহাত্মা জ্বনিদৰ ওচৰলৈ গুচি যায় আৰু তেওঁৰ
লগতে কিছুমান দিন থাকেগৈ। তাৰপৰা তেওঁ আকৌ মক্কালৈ
গৈ তাত এবছৰমান থাকি উলটি বোগ্দাদলৈ আহোঁতে লগত
কেইজনমান “চুফী” ( পবিত্ৰাত্মা ঋষি ) লৈ আহে। তেওঁ এইবাৰ
আহি তাপসবৰ জ্বনিদক কিবা এটা প্ৰশ্ন কৰেহি। তাৰ উত্তৰত
মহাত্মা জ্বনিদে তেওঁক—“সোনকালেই তুমি শূলাস্ত্ৰৰ আগভাগ
ৰাঙ্গলী কৰিবা বুলি কলে। হোচেন মনচুৰে কলে,—“মই যিদিনা
শূলাস্ত্ৰৰ আগভাগ ৰাঙ্গলী কৰিম, সেইদিনা তুমিও আধ্যাত্মিক
মানুহৰ সাজপাৰ সলাই বাহিৰা মানুহৰ সাজপাৰ পিন্ধিব লাগিব।”
বহুতো ডাঙ্গৰ ডাঙ্গৰ মানুহ আৰু ঋষিসকলে হোচেন মনচুৰৰ প্ৰাণদণ্ড হব লাগে বুলি খলিফাৰ ওচৰত আবেদন কৰিলে। এই বিষয়ে মহষি জ্বনিদৰ পৰা একো অভিযোগ শুনিবলৈ নাপাই খলিফাই কলে যে,—“এই বিষয়ে জ্বনিদৰ মত লগা হৈছে।” সকলোৱে গৈ জ্বনিদক ধৰিলে। জ্বনিদে ফকিৰী সাজপাৰ সলাই পণ্ডিতৰ সাজপাৰ পিন্ধি এখন বিদ্যালয়লৈ গৈ খলিফালৈ এই মৰ্ম্মেৰে এখন চিঠি লিখিলে যে,—“বাহ্যিক অৱস্থানুসাৰে মনচুৰ প্ৰাণদণ্ডত দণ্ডিত হবৰ উপযুক্ত। বাহিৰৰ অৱস্থানুসাৰেই ব্যৱস্থা হয়, অন্তৰ ঈশ্বৰে জানে।”