পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহাৰাজ ৰাজেশ্বৰ সিংহ।

 মহাৰাজ ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱ আহোম ৰাজপাটত উঠা কালত অসমৰ জয়-জয় ময়-ময়। দেশত ৰণ-কাজিয়া নাই, মিকিৰ-দফলাই যি অলপ সৰুসুৰাকৈ দ্ৰোহ আচৰিছিল, মোগল বিক্ৰমক পৰাস্ত কৰা অসমীয়াৰ ৰণ-কৌশলে তাক হেলাৰঙ্গে দমন কৰিলে। ইটাখুলী-ৰণত বঙ্গালৰ অসম আক্ৰমণৰ আশঙ্কা সমূলে নিৰ্ব্বাপিত হোৱাত অসমৰ স্বৰ্গদেৱে বিচক্ষণ কাৰিকৰৰ হতুৱাই ৰংঘৰ সাজি ৰং-ধেমালি চোৱাৰ সুচল কৰি লৈছিল। মোৱামৰীয়াৰ শিষ্য- সম্প্ৰদায়ে ফুলেশ্বৰী কুৱঁৰীৰ হাতত পোৱা লাঞ্ছনা অপমানৰ দুঃসহ বেজাৰ নিজৰ অন্তৰতে সংগোপনে পুহি আছিল; তাত টিঙ্গিৰি-তুলা লগাই দেশত অশান্তিৰ মহা অগ্নি তেতিয়ালৈকে তেওঁলোকে বিস্তাৰ কৰা নাছিল। ৰজা সন্তুষ্ট, পাত্ৰ-মন্ত্ৰী সন্তুষ্ট, প্ৰজা-সকলে ৰণবিগ্ৰহৰ পৰা আজৰি পাই নিজ নিজ খেতি-ব্যৱসায়ত লাগিছে, আৰু অসমীয়াৰ ঐশ্বৰ্য্য বিভূতিৰ পৰিমাণ দিনক দিনে বঢ়াবলৈ ধৰিছে। স্বৰ্গদেৱে শান্তিৰ কোলাত সম্ভৱ হোৱা সকলো কামে কাজে লাগি গৈছে। ৰজাই নিজে পণ্ডিতবৃন্দৰে সৈতে শাস্ত্ৰ, পুৰাণ, ইতিহাস আলোচনা কৰিছে; নিজে নাটক ৰচিছে; নাটকৰ ভাৱনা চাইছে; বিদেশৰ পৰা বাজীকৰ আনি ৰং-তামাচা কৰাইছে; কাঁড়- হিলৈ লৈ চৰাই পহু মাৰি বীৰোচিত গুণবোৰ সতেজ ৰাখিছে; আৰু