পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
সাহিত্য-মুক্তাৱলী।

আমাৰ ওপৰত খুব সন্তুষ্ট হব।” দ্বিতীয়টোৱে প্ৰথমটোৰ কথাত অমত প্ৰকাশ কৰি কলে, “দেখ, ককাই, তোৰ আজি কালি এটা ৰোগ হৈছে; যিহকে হওক এটা ভাল বস্তু পালেই আগেয়েই তই কৈ পেলাৱ, যে এইটো আমাৰ দেশলৈ লৈ গৈ ৰজাক দিম। কিয়, ৰজাক দিম কিয়? মই কওঁ এই ৰূপহী তিৰুতাজনী মোৰ, মই কাকো নিদিওঁ। তহঁতে ৰূপবান বয়-বস্তু যি মন যায় লহঁ‌ক, কিন্তু মোৰ ভাগত এই।” “কথাষাৰ শুনামাত্ৰকেই তৃতীয়টোৱে গৰ্জ্জি উঠি কলে, “কাৰ? তোৰ? কেতিয়াও হব নোৱাৰে। বাৰু! মই দেখিম কোনে মোৰ হাতৰ পৰা এইক নিয়ে? এই মোৰ।” দুইৰো ভিতৰত এই দৰে পৌৰাণিক সুন্দ-উপসুন্দীয়া দন্দ লাগিবৰ দেখি প্ৰথমটোৱে “এই কথাৰ মীমাংসা পিচত কৰা যাব” বুলি দুইকো বুজাই সান্ত্বনা কৰিলে। ইয়াৰ পাচত সস্ত্ৰীক ৰমানাথ বৰুৱাক, লুটিপুটি পোৱা বস্তুৰে সৈতে বান্ধি মানহঁ‌তে লৈ যাবলৈ ধৰিলে। জয়ন্তীয়েও বিপদহাৰী মধুসূদনক কাতৰকণ্ঠে মাতি স্বামীৰে সৈতে চকুৰ লো টুকি যাবলৈ ধৰিলে।

 

চতুৰ্থ অধ্যায়।

 বাটত বাওঁতে যাওঁতে আত্মসংযমত অভ্যস্ত জয়ন্তীয়ে মনে মনে হঠাৎ এটা উপায় স্থিৰ কৰি খং আৰু বেজাৰৰ ভাও পৰিত্যাগ কৰি মানহঁতৰ ফালে চাই মৃদু মধুৰ মাতেৰে কলে, “দেখ, ফায়া! তহঁতে যেতিয়া আমাক ধৰি লৈ গৈছ, আৰু ধন-বস্তু ৰাখিবৰ মিছা চেষ্টা কৰি কি ফল? আমিয়েই যেতিয়া গাওঁ-ভূঁ‌ই দেশ এৰি যাব