পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
সমুদ্ৰ-যাত্ৰা।


সলনি গাত জাৰ লাগে আৰু জাৰ কাপোৰ পিন্ধিবৰ প্ৰয়োজন হয়। সেই গুণে, হঠাৎ ঋতু সলনি হৈ, জেঠৰ মূৰতে জাৰকালি হোৱা যেন অনুমান হয়।
শ্ৰীচন্দ্ৰধৰ বৰুৱা।

টীকা।

 দুৰন্ত—( দুৰ্‌ = বেয়া, অন্ত=পৰিণাম ) যাৰ শেষ ফল বেয়া, ভয়ানক।

 উদ্ভিদ্‌—( উৎ = ওপৰলৈ, ভিদ্‌ = ফাল+ক্কিপ ) মাটি ফালি ওপৰলৈ ওলোৱা; গছ-লতা আদি।

 বিনন্দ-বিলাস— ( বিনন্দ = আনন্দ, বিলাস = খেলা ) আনন্দদায়ক আৰু মনোৰম।

প্ৰশ্ন

 ১। চুৱেজ খাল কোনে, কেতিয়া খনাইছিল? তাক খানিবলৈ কিমান দিন আৰু কিমান ধন লাগিছিল?

 ২। চুয়েজ খালৰ বৰ্ত্তমান গৰাকী কোন? ইংৰাজ কেনেকৈ তাৰ অংশীদাৰ হ’ল?

 ৩। মন পাৰি, কুৰুকি, আওগৰীয়া, চেংচেঙ্গীয়া, বিপাঙ্গ—এই শব্দ কেইটাৰ প্ৰত্যেকটোৰে একোটা বাক্য ৰচনা কৰাঁ।