সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনাৰ বাটত।

 সৎসঙ্কল্প উন্নত জীৱনৰ মেৰুদণ্ড। সাধনাৰ সকলো কামেই সঙ্কল্পৰ ফল। দৃঢ় সঙ্কল্পৰ অভাৱত আমাৰ বহুত কামৰ পৰা বিমুখ হ'ব লগা হয়। যিসকল আমাৰ শ্ৰদ্ধাৰ পাত্ৰ, তেওঁবিলাকৰ মাজতো যে দুৰ্ব্বলতা দেখা নেযায় এনে নহয়, কিন্তু সিও দৃঢ়সঙ্কল্পৰ অভাৱতেই।

 মানুহৰ সুকীয়া বা সাংসাৰিক জীৱনৰ বাহিৰেও ব্যৱসায়- বাণিজ্যতো সাধুসঙ্কল্পৰ যথেষ্ট থলী আছে। যি মানুহে ভক্তিভাজনক শ্ৰদ্ধা দেখুৱাব পাৰে, তেওঁৰ জীৱন-প্ৰতিমাত যিদৰে স্নিগ্ধতা, সৌন্দৰ্য্য আৰু কমনীয় ভাৱ ফুটি উঠিব, বোধ কৰোঁ আন এজন, যাৰ শ্ৰদ্ধাৰ পাত্ৰ জগতত কোনোৱেই নাই, তেওঁৰ জীৱনত কেতিয়াও তেনে আশা কৰিব নোৱাৰি; কাৰণ বাস্তৱ জীৱনৰ সাধনাৰ পথত আনুমানিকতাতকৈ আনুভাৱিকতাই হে আগ আসন পায়। সাধনাৰ সুৱগা সঙ্কল্প আৰু আদৰ্শ তাৰ লক্ষ্য। বন্ধু চৰিত্ৰ-মাহাত্ম্যত, দুখ-পৰীক্ষাত জীৱন মহত্ত্বৰ ফালে ঢাল লয়। যাৰ তেনে জন নাই, মহৎ আদৰ্শৰ জীৱন্ত ছবি সি দেখিবলৈ নেপায়। দুখ-কষ্টত জৰ্জ্জৰিত হৈ তেনে মানুহ জীৱনৰ গতিত সততে চেৰ পৰি যোৱা দেখা যায়। আমি প্ৰায়েই আনক কোৱা শুনো আৰু নিজেও কওঁ, “মই এইটো নকৰিলোঁহেঁতেন, কেৱল তোমাৰ মৰমত বা তুমি মোৰ শ্ৰদ্ধাৰ পাত্ৰ, সেইহে