পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
কুঁজীৰ কলঙ্ক।


চিন্তিবৰ বিষয়। আৰু সেই গুপুত ভাবটোও আনৰ আগত নহয়, কেৱল ভৰতৰ নিজা মানুহবিলাকৰ ওচৰত হে। এইবিলাক দেখি শুনি ৰামৰ অভিষেকত যে, এটি ডাঙ্গৰ ষড়যন্ত্ৰ আছিল আৰু ভৰতৰ নিজ মানুহবিলাকৰ ওচৰত গুপুত নকৰিলে বিপদৰ ভয় আছিল ই ধুৰুপ! দশৰথৰ নিজৰ কাম-কাজবিলাকতো ইয়াৰ ভালকৈ প্ৰমাণ পোৱা যায়।

 দশৰথে ৰামৰ অভিষেকৰ নিমিত্তে নানা নগৰ আৰু জনপদবাসী ৰজাবিলাকক মাতি আনিলে, কিন্তু নামাতিলে কেকয়ৰজা আৰু জনকক। (১) [১]

 কেকয়ৰজা ভৰতৰ মোমায়েক, তেওঁ শুনিলে নিশ্চয় ভৰতৰ ফলীয়া হব। আৰু ৰামৰ শহুৰেক জনকক বাতৰি দিলেও বিপদৰ ভয়; যিহেতু ভৰতৰ শহুৰেক তেওঁৰ ভায়েক। জনকক মাতি তেওঁক নামাতিলে শিষ্টাচাৰ-বিৰোধ হয়, আৰু কথাও গোপনে নেথাকে। (অৱশ্যে তেওঁ জানিলে তেওঁৰ ভায়েকেও জানিব।) ভৰতৰ শহুৰেকে জানিলে তেওঁ নিশ্চয় ভৰতৰ ফলীয়া হব। এই ভাবি তেওঁলোক দুজনৰ নিমন্ত্ৰণ ৰহিত কৰিলে।

 এনেকুৱা অনুমানৰ বিৰোধ পক্ষত এটি প্ৰশ্ন হব পাৰে যে, ইক্ষাকুবংশৰ জ্যেষ্ঠ পুত্ৰই ৰাজ্য পোৱা প্ৰসিদ্ধ নিয়ম জানি শুনিও


  1. (১) নানা নগৰ ৱান্তব্যান্ পৃথগ্‌জানপদানপি। সমানিনায় মেদিন্যাঃ প্ৰধান পৃথিৱীপতিঃ ন তু কেকৰাজানং জনক ৱা জনাধিপঃ। ত্বৰয়া চানয়ামাস পশ্চাতে শ্ৰোষ্যতঃ প্ৰিয়ঃ
8