চকু জাপ খাই আহিল। সেই সময়তে সি যেন দেখিলে, দূৰত তাৰ
হৰিণী আৰু বিলৰ পাৰৰ ভেৰৰ গাভৰু—দুয়োৰে দীঘল নোমেৰে
আবৰা চকুৰ পৰা গিৰ্ গিৰ্কৈ চকুলো ওলাইছে। তাৰ কিন্তু
সুস্থিৰ জ্ঞান নাছিল, সেই দৃশ্য দেখা-নেদেখাতে তাৰ প্ৰাণ
ওলাই গল।
(ঙ)
হৰিণীএ ডিঙি মেলি চাওঁতে গুৰুম্ গুৰুম্ শব্দ শুনি তাইৰ গোটেই গাটো কঁপিবলৈ ধৰিলে। পাছ মুহুৰ্ততে দেখিলে, হৰিণ সিহঁতৰ ফালে লৰি আহিছে; কিন্তু ক্ষন্তেকতে সি তাৰ বাট ফিৰালে।
হৰিণীএ তৎক্ষণাৎ বুজিলে কি হল। দেহাত জীউ নোহোৱা হৈ তাই সি শুই থকা ঠাইলৈ দৌৰি আহিল। তাৰ গাৰ তাপত তেতিয়াও ঠাইখিনি তপত হৈ আছে। তাই চালে, তাত তেজ নাই। মনতে ভাবিলে, “গোসাঁয়ে কিজানি বা ইবাৰলৈ ৰক্ষা কৰিছেই।”
তথাপিতো তাই হৰিণ যোৱা বাটেৰে লৰি গল। অলপ গৈয়ে দেখে, তেজ। চুলিৰ আগে তাইৰ জীউ উৰি যোৱা যেন হল। হায়! কি কুক্ষণত আজি তাই এনে অশ্ৰাব্য কটু কথাটো কৈছিল। তাইৰ জ্ঞান নোহোৱা হল; চুতি হেৰাল। “আজি ময়ো তোৰ লগতে মৰোঁ” বুলি হৰিণীএ হৰিণাৰ পাছে পাছে লৰ দিলে। লৰি লৰি বিলৰ পাৰৰ ভেৰৰ ওচৰ পালে। তাত গৈ দেখে ভেৰৰ গাভৰুএও হৰিণৰ ফাললৈ চাই কি কৰোঁ কি নকৰোঁ, কি হৈছে