সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিন্তা


সেই বিষয়ত সিমান শিক্ষা লাভ কৰা যায়। তোমাৰ নিজৰ বুদ্ধিত কোনোটো প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালেও, পুথি বা পণ্ডিতৰ পৰা তাক শিকি ল’ব পাৰা।

 কোনো এটা বস্তুৰ বিষয়ে চিন্তা কৰিব লাগিলে, বস্তুটো সম্মুখত থাকোঁতেই কৰা উচিত, নাইবা তাৰ কি কি চাব লাগে থিৰ কৰিব নোৱাৰি। কিছুমান মানুহে বস্তু এটা নিজ চকুৰে চাই আহিও অনেক কথাৰ উত্তৰ দিব নোৱাৰে। ই কেৱল চাবৰ সময়ত চিন্তা নকৰাৰ ফল। এই বিষয়ে এটা আখ্যান আছে। এজন ডাঙ্গৰীয়াৰ এজন মহৰি আৰু এটা লগুৱা আছিল। মহৰিৰ দৰমহা কুৰি টকা আৰু লগুৱাৰ দৰমহা তিন টকা আছিল। কম দৰ্ম্মহা পোৱা বাবে লগুৱাৰ ১নত বৰ বেজাৰ। সি এদিন ডাঙ্গৰীয়াক অকলশৰে লগ পাই ওজৰ কৰিলে, “দেউতা! মই ওৰে দিনটো, পুৱাৰ পৰা গধূলিলৈকে আপোনাৰ আলপৈচান ধৰি কেৱাৰ কৰি টাকুৰী ঘূৰাদি ঘূৰি ফুৰোঁ, আৰু সেই মহৰিটোৱে এখন্তক মাথোন আহি লিখা-পঢ়া কৰে, কিন্তু সি পায় কুৰি টকা, মই পাওঁ তিন টকা, ইয়াৰ কাৰণ বন্দীয়ে বুজিব নোৱাৰোঁ। দেউতাৰ ঘৰত মোৰ আদ্‌বয়স গ’ল, ইচ্ছা কৰিলে দুখীয়াক দেউতাই কৃপা কৰিব পাৰে”।

 ডাঙ্গৰীয়াই লগুৱাৰ কথা শুনি সেইদিনা তাক একো সমিধান নিদিলে। কিছুমান দিনৰ পাচত ডাঙ্গৰীয়াৰ এজনী ছাগলী জগিল। ছাগলীজনী তেওঁৰ বৰ মৰমৰ আছিল। তাই জগা বুলি শুনি কেইটা পোৱালি হৈছে চাই আহিবলৈ তেওঁ লগুৱাটোক পাচিলে।