কোনোবা সমাজসংস্কাৰক স্বৰূপে পূজনীয়, কোনোবা ৰাজনীতি
বিষয়তে অদ্বিতীয়, আন জন হয় তো জ্ঞানবিস্তাৰ আৰু শিক্ষা-
প্ৰচাৰতে অসাধাৰণ। কিন্তু বিদ্যাসাগৰৰ অতুলনীয় প্ৰতিভা,
তেওঁৰ অদ্ভুত ক্ষমতা, তেওঁৰ অৱৰ্ণনীয় কাৰ্য্যপ্ৰিয়তা সৰ্ব্বতোমুখী
আছিল। উনবিংশ শতাব্দীত ভাৰতৰ ধৰ্ম্ম, ৰাজনীতি, সমাজনীতি,
জ্ঞানবিস্তাৰ, শিক্ষাবিতৰণ সকলো বিষয়তে বিদ্যাসাগৰ অগ্ৰগণ্য।
ৰামমোহন যুগত ভাৰতবৰ্ষত সকলো সদনুষ্ঠান, সকলো উন্নতি,
সকলো কীৰ্ত্তিৰ মূলত দেখিবা বিদ্যাসাগৰ। স্ত্ৰী-শিক্ষাবিস্তাৰ,
স্ত্ৰীজাতিক স্বাধীনতা আৰু সুবিধা দান, সৰ্ব্ব-সাধাৰণৰ মনত
সংস্কৃত চৰ্চ্চাৰ ভাব উদ্ৰেক, বিদ্যালয়ৰ সহজ সংস্কৃত শিক্ষাবিস্তাৰ,
পাশ্চাত্য ভাবপ্ৰচাৰ, ইংৰাজী-শিক্ষা প্ৰবৰ্ত্তন আৰু প্ৰচলন এই
সকলোতে বিদ্যাসাগৰৰ কীৰ্ত্তি জ্বলন্ত। ঊনবিংশ শতিকাত
অধোগামী হিন্দুসমাজ সংস্কাৰৰ মহাযুদ্ধত বিদ্যাসাগৰ আছিল বিজয়ী
মহাবীৰ। বিধবা-বিবাহ প্ৰচলন, বাল্যবিবাহ আৰু বহুবিবাহ
নিবাৰণ, সতীপ্ৰথা বাৰণ আদি অতি লাগতিয়াল আৰু স্মৰণীয়
সংস্কাৰত বিদ্যাসাগৰৰ অক্লান্ত পৰিশ্ৰম, অভাবনীয় অধ্যৱসায়,
অপাৰ্থিব স্বাৰ্থত্যাগ আৰু কৌশল বৰ্ণনা কৰা সাধ্যাতীত। বঙ্গভাষাও বিদ্যাসাগৰৰ প্ৰধান কীৰ্ত্তি। পাৰিবাৰিক জীৱনতো তেওঁ
আদৰ্শ গৃহস্থ। এই সকলো বিষয়তে বিদ্যাসাগৰ জগতৰ আদৰ্শ।
এনে অলেখ অগণন ঘটনাৱলীৰে পূৰ্ণ বিদ্যাসাগৰৰ জীৱন-চৰিতত
পৃথিবীৰ নৰ-নাৰীৰ শিকিবলগা বহুত আছে।
এই আটাইবোৰত কৈ মূল্যবান সম্পত্তি ভাৰতৰ প্ৰকৃত