পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
সাহিত্য মুক্তাৱলী।


প্ৰশ্ন।

১। নৰিয়া পৰিলে অকল ঔষধৰ ওপৰতে নিৰ্ভৰ কৰিব পাৰি নে?
২। ঔষধৰ ক্ৰিয়া সকলো ৰোগীৰ পক্ষে একে নহয়, ইয়াৰ কাৰণ কি?


শঙ্কৰদেৱৰ তিথি।

 শ্ৰীশঙ্কৰক নমস্কাৰ। যিজন শক্তিমন্ত পুৰুষৰ চেষ্টাত অসম দেশৰ নানা জাতিয়ে ধৰ্ম্মৰ সোৱাদত মজি, ভিন ভিন বিৰোধী খাপৰ হৈও একামন্ত্ৰত বান্ধ খাই এটা অসমীয়া সমাজ গঢ়ি তুলিব পাৰিছিল আজি সেইজন মহাপুৰুষৰ তিথি! মহাপুৰুষব স্থূলদেহ নাশ হবৰ প্ৰায় ৪৫০ বছৰৰ পাচত তেওঁ আজি এইক্ষণত এই ঠাইত সূক্ষ্মব্যাপক প্ৰাণেৰে বৰ্ত্তমান। অসমৰ প্ৰত্যেক নামঘৰত, গোঁ‌সাই-ঘৰত, সত্ৰত তেওঁ প্ৰাণৰূপে বৰ্তমান। কীৰ্ত্তন পুথিৰ প্ৰাণৰূপে প্ৰত্যেক অসমীয়াৰ ঘৰতে বৰ্ত্তমান। তেওঁৰ নাম য’তে উচ্চাৰিত হয়, তেওঁ তাতে বৰ্ত্তমান। হে মহাপুৰুষ, ভক্তিপূৰ্ণ সেৱা গ্ৰহণ কৰাঁ‌।

 ভিন ভিন ভাবৰ শতমুখী জুৰি-জান একমুখী কৰি অসমৰ মাজে দি ব্ৰহ্মপুত্ৰ নৈৰ দৰে যি ধৰ্ম্মৰ মহাস্ৰোত ব’ব লাগিছে, তাৰ অধিষ্ঠাতৃ দেৱ শ্ৰীশঙ্কৰ। জড় জগতৰ অন্তৰ্নিহিত ভাবৰাজ্যেই প্ৰাণময় সনাতন স্ৰোত। ধৰ্ম্ম ভাবময়। অসমীয়াৰ ধৰ্ম্ম অসমীয়াৰ ভাৱপূৰ্ণ।