গাত খহাই থয়, শৌচ কৰিবলৈ গ'লে ওচৰতে থৈ শৌচ কৰিবলৈ যায়। ৰাজমাওদেউতাৰ অভীষ্ট আংশিকৰূপে সিদ্ধ হ’ল। এতিয়া তেওঁক মাৰিবলৈ সুচল হল।—মাৰে কোনে, কোনে ইমান ডাঙৰ কাৰ্য্য এটা কৰিবলৈ সাহ কৰে, তাৰে তেওঁ বিচাৰ কৰিবলৈ ধৰিলে।
বৰফুকনৰ বিপক্ষে এই ষড়যন্ত্ৰত ৰাজমাওদেউতাক বহুত লোকে সাহায্য কৰিছিল। মান আনি বদন বৰফুকনে নিজৰ একাধিপত্য কৰি লোৱাৰ দৰে কৰাত ৰজাৰ নিজৰো অসহনি হৈছিল। বদনফুকন লাহে লাহে এইদৰে সকলোৰে শত্ৰু হৈ উঠিল। তেওঁক তেওঁৰ নিজৰ ফলীয়া মানুহবিলাকেও ঘিণাই আছিল। মান যোৱাৰ পিচত তেওঁক মান অনা ফুকন বুলি সকলোৱে বিদ্ৰুপ কৰি, আৰ-কাণে তাৰ-কাণে কবলৈ ধৰিলে। মানৰ উৎপীড়নলৈ মনত পৰিলেই বদন বৰফুকনৰ গাত দোষ পেলাই মানুহে তেওঁক শাও দিবলৈ ধৰে।
এইবিলাকৰ গম পাই বদন বৰফুকনে নিজেও নিজৰ দোষৰ নিমিত্তে মাজে মাজে অনুতাপ কৰিবলৈ ধৰিলে। ইফালে ধনী বৰৰুৱা প্ৰভৃতি বৰ বৰ বিষয়াবিলাকো ৰাজমাওদেউতাৰ মন্ত্ৰণাত সহায় হ’ল। ৰজাৰ মত সোধাত ৰজাই মাকৰ বিপক্ষে একো নকলে। সকলোৱে তাৰ পৰা ঠাৱৰালে যে স্বৰ্গদেউৰৰ তাত সম্মতি আছে। চন্দ্ৰকান্ত সিংহৰ স্বভাৱতে নিজৰ সাহ-পৰাক্ৰম নাই। বৰবৰুৱাকে আদি কৰি বৰ বৰ বিষয়াবিলাক বৰফুকনৰ বিপক্ষে হোৱাত মহাৰাজো—মনেৰে তেওঁলোকৰ ক্ষমতালৈ ভয় কৰি, বা সেই ফালে
- নুমলী ৰাজমাও, চন্দ্ৰকান্ত সিংহৰ মাতৃ।