পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

গছৰ পাত।

আছিলা এদিন তুমি নবীন পল্লব

 লাজতেই মুছকঁছ যোৱা;

অন্তৰৰ গুপ্ত ভাব ৰাখি অন্তৰত

 প্ৰকৃতিক সাদৰ জনোৱা।


তৰুণ লাৱণ্য আভা, মনমোহা ৰূপ,

 সেউজীয়া দেহৰ গঠন

সুবিশাল অভ্ৰভেদী নাঙ্গঠা গছৰ

 তুমিয়ে হে দিব্য আভৰণ।

আছে যদি প্ৰকৃতিৰ শান্তিৰ সুষমা,

 প্ৰণয়ৰ পবিত্ৰ চানেকী;

কোমলতা শীতলতা হিয়াৰ মাজত

 দিছে বিধি তূলিৰেই আঁকি।


কোমলে কঠিনে কিবা ধৰি অপৰূপ

 তাপিতৰ জুৰোৱা নয়ন;

অপূৰ্ব্ব কৌশল-সৃষ্টি দেখি ঈশ্বৰৰ

 প্ৰেমৰসে মুগ্ধ হয় মন।