দেশৰ নানা ঠাইত ফুৰি প্ৰজাৰ সমৃদ্ধি, দৈন্য আৰু ৰাজ্যৰ অৱস্থা
চাই ফুৰিছে। ধৰ্ম্ম প্ৰাণ স্বৰ্গদেৱে মঠমন্দিৰ সাজি আৰু তীৰ্থাদিত
গৈ দান-দক্ষিণা দি ৰাজ্যৰ সুমঙ্গল কামনা কৰিছে। দুৰ্দ্ধৰ্য ৰজাৰ
আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দাঁতিয়লীয়া ৰজা আহি স্বৰ্গদেৱৰ
শৰণাপন্ন হৈছে: স্বৰ্গদেৱে অভয় প্ৰদান কৰি শৰণীয়া ৰজাক
স্বৰাজ্যত সংস্থাপন কৰিবলৈ সৈন্য-সামন্ত দি পৰাক্ৰমী সেনাপতিক
পঠাইছে।
এই দৃশ্য কেনে মনোৰম! অসম ৰাজ্যৰ শান্তিময় ভোগালি কালৰ দিনকেইটা কেনে বিতোপন! ইয়াৰ লগত ৰণবিগ্ৰহৰ দিন কেইটাৰ তুলনা কৰক।—মোগলৰ নবাবে আঙ্গুলি জোকাৰি অসমীয়া ৰজাৰ পৰা পেচকচৰ দাবি কৰিছে। দেশৰ মৰ্য্যাদা-হানিত ক্ষুব্ধ হোৱা স্বৰ্গদেৱ আৰু পাত্ৰ-মন্ত্ৰীয়ে তাৰ পোটক তুলিবলৈ যুদ্ধৰ বিপুল আয়োজন কৰিছে। কমাৰে হিলৈ তৈয়াৰ কৰিছে; চাউল- সমলীয়াই সৈন্যৰ কাৰণে ৰচদ-পাতি যোগাৰ কৰিছে; নাওশলীয়া বাঢ়ৈয়ে তিনিকুৰি, চাৰি কুৰি হতীয়া দীঘল যুদ্ধৰ নাও সাজিবলৈ ধৰিছে; ভাগিযোৱা কোঠবুৰুজ আৰু গড়প্ৰাঞ্চিৰ মেৰামতি চলিছে; হিলৈদাৰী সৈন্যবোৰে হাতত হিলৈ, কাঁড়ীয়ে ধেনুকাঁড়, বাৰূৱতীয়ে ঢাল-বাৰু লৈ ক্ষতিক্ষণ নোহোৱাকৈ কাৱাজ কৰিছে; যখৰীয়া আৰু খাৰঘৰীয়াই খাৰ-বাৰুদ তৈয়াৰ কৰি ৰণৰ সম্বল যোগাইছে; চোৰাংচোৱাই চোৰাং কৰি শত্ৰুসেনাৰ গতি-বিধি আৰু আলেখ-লেখ চাই ফুৰিছে; বিজুলীবেগৰ ঘোৰাত উঠি চোৱাৰী কটকীয়ে স্বৰ্গদেৱ পাত্ৰ-মন্ত্ৰীৰ খা-খবৰ আদেশ-দিহা অনানিয়া কৰি উজনি-ভাটী