পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
সাহিত্য-মুক্তাৱলী।


মণ্ডিত ভবিষ্যৎ সৃষ্টি কৰিবলৈ আটায়ে চেষ্টা কৰা উচিত আৰু এয়ে তেওঁলোকৰ শিক্ষা।

 মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। জাতিৰ প্ৰিয়তকৈ প্ৰিয়বস্তু ভাষা, তাকো সবল, সতেজ, দীপ্তিপূৰ্ণ কৰি গল মাধৱদেৱেই। বঙ্গদেশ আৰু ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰে আজি অসমীয়া ভাষাৰ গৌৰৱ সাহিত্য। এই সাহিত্য আমাৰ নথকা হলে আসামৰ এই দুদ্দিনত অসমীয়া ভাষা বুলি এটা পৃথক ভাষা নাথাকিলহেঁতেন। আৰু কি সম্পূৰ্ণ এই সাহিত্য! কত গভীৰ ভাবপূৰ্ণ, কত অসংখ্য ৰত্নৰাজিয়েই এই ভঁৰাল ভৰাই ৰাখিছে। আজিৰ অসমীয়া অন্ধ, সেই দেখি এই ভঁৰালৰ ৰত্নৰাজি পৰীক্ষা কৰি এবাৰ চাবলৈকো কাৰো উৎসাহ দেখা নাযায়।

 সমাজত, ধৰ্ম্মত, সকলোতে কি এটি নব জীৱনীশক্তি এই তপঃপূৰ্ণ মহাপুৰুযে, কি ঐকান্তিকতাৰে সৈতে ঢালি দিছিল! ধন্য আসাম! তুমি তোমাৰ গৰ্ভত শঙ্কৰ আৰু মাধৱৰ দৰে মহাপুৰুষক ধাৰণ কৰিছিলা।

 মহাপুৰুষৰ জীৱনী আৰু কাৰ্য্য-কলাপ আলোচনা কৰিলে নিজৰ আত্মাৰ গভীৰতম প্ৰদেশৰ পৰা মহং কাৰ্য্য সাধিবলৈ এটা প্ৰেৰণা আহে, আৰু সেই মহাপুৰুষ যদি নিজৰ জীৱনৰে সৈতে ওতপ্ৰোত- ভাৱে জড়িত থাকে, তেন্তে এই কথাৰ সত্যতা আৰু বাঢ়ে। এনে অৱস্থাত যদি অসমীয়া আকৌ জ্ঞান, ধৰ্ম্ম, শিক্ষা সকলোতে মহান হব খোজে, আসামৰ অপূৰ্ব্ব কৰ্ম্মবীৰ, ধৰ্ম্মবীৰ, সাহিত্যৰথী, জাতীয়- জীৱন গঠনকৰ্ত্তা মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ গুণগান,