পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বন্দুক, হাতী লৈ জাৰণিত সোমাইছিল। সেইদিনা হৰিণৰ বংশত মৰক লগিছিল। কোনেও দেখা নাছিল যে তাহাঁতৰ মাক-বাপেকক কোনোবাই মাৰি নিলে। কিন্তু আটাইৰে অনুমান সেইটো হে।

 তাৰ পাচত দুয়ো অকলে অকলে কেটামান দিন অনাই-বনাই অকলশৰীয়া হৈ ফুৰি ফুৰিছিল। এদিন এই নিজৰাৰ পাৰতে দেখাদেখি। তেতিয়া জংঘলৰ গছে গছে নতুন কোমল পাত, লতাই লতাই কুসুম পুলক। ঘাঁহবোৰৰ কোমল সেউজীয়া বৰণ। বতাহ কঁপি কঁপি আহে আৰু যায়; আৰু নিজৰাৰ নতুন প্ৰাণ, নাচি নাচি শীতল পানীৰে, সুললিত সুৰেৰে বননি জুৰি পেলাই, আকুল কৰাই, কৰবালৈ যায়। তেতিয়া বেলি ডুব যায় যায়। গছৰ পাতৰ মাজে দি সূৰ্য্যৰ কিৰণবিলাকে মণি-মুক্তাৰ মালাৰ দৰে সমস্ত বননিতে এক অপৰূপ জেউতি চৰাই দিছিল। দুয়ো দুই ফালৰ পৰা আহিল, পানী খাবলৈ, পিয়াহ পলুৱাবলৈ। বিধিৰ বিধান; তাতে দুয়ো দুয়োৰে অন্তৰৰ পিয়াহ বুজি পালে; আৰু স্বৰ্গৰ ঋষিৰ দৰে দুয়ো দুয়োতে সন্তোষ পাই, তৃপ্তি পাই, প্ৰথম মিলনৰ তীৰ্থক্ষেত্ৰতে থাকিবলৈ ললে।

 কোন কাহানিৰ কথা সি, মনত নপৰে। সেইদিনাৰ পৰা হৰিণাৰ আন চিন্তা নাই—হৰিণীৰ চিন্তা আৰু সন্তান দুটিৰ ভাবনা। তথাপি, ইমানতো অবিশ্বাস! তাৰ মনত বৰ অভিমান হল। সি বেছি একো নকলে, “বাৰু তোমাৰ খুচি” এই বুলি সি ঘৰৰ পৰা ওলাই আহিল।