কুমাৰিলা ভট্ট।
“অসম দেশ সুখ্যাতিৰ সমাধিক্ষেত্ৰ।” এই কথা এজন ইংৰাজ লেখকে লিখি গৈছে। কথাষাৰ আখৰে আখৰে সঁচা। প্ৰকৃতিৰ কাম্যকানন পুণ্যশ্লোক ঋষিসকলৰ পবিত্ৰ তপোবন, দেৱভূমি অসমৰ অতীত কীৰ্ত্তিমালা বিস্মৃতিৰ আন্ধাৰ গহ্বৰত লুকাই আছে। খনিৰ অতল গৰ্ভত হীৰাৰ দৰে, সাগৰৰ তলিত মুকুতাৰ দৰে পুৰণি অসমৰ কীৰ্ত্তিকাহিনী পাহৰণি-মৈদামৰ গভীৰ তলিত সময়ৰ বালিত পোত খাই ক্ৰমে জহি-খহি যাব লাগিছে। মাজে-সময়ে একোখন তামৰ ফলিয়ে, একোখন শিলালিপিয়ে, দুই চাৰিটা পুৰণি মোহৰে, দুখন এখন পুৰণি পুথিয়ে, আৰু অগাধ অৰণ্যৰ মাজত বা নিৰ্জ্জন পৰ্ব্বতৰ টিঙত শিলৰ ভগা মূৰ্ত্তি, ভগা মন্দিৰ, এৰা নগৰ আৰু ভগা-শিল, ভগা ইটাবোৰে হা-হুমনিয়াহ কাঢ়ি বাটৰুৱাক পুৰণি অসমৰ অতীত গৌৰব সোৱঁৰাই দিয়ে। পুৰণি নাম, পুৰণি পটন্তৰ, সাধুকথা আৰু কিংবদন্তিয়েও কেতিয়াবা কেতিয়াবা আগৰ দিনৰ কথা মনত পেলাই দিয়ে। সেই দেখিহে এজন অসমীয়া কবিয়ে মনৰ দুখত গাইছে,⸺
“কোৱাঁ পাহৰণি, তোমাৰ পেটত
কতনো ৰাখিছা বুৰঞ্জী সুমাই,
চিন্তিলে এবাৰ মৰোঁ পুৰি দেই,
কত জাতি কীৰ্ত্তি খালা গিলি হায়।”