পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সাহিত্য-মুক্তাৱলী।

অনুভব কৰা নাছিল। কিন্তু সেইবুলি আন আন ডাঙ্গৰ মানুহৰ জীয়াৰী-বোৱাৰীৰ নিচিনাকৈ আলাসৰ লাড়ুটিৰ দৰে নিষ্কৰ্ম্মা হৈ সাজ-পাৰ, মেল-দোৱান, আৰু আহাৰ-নিদ্ৰাদিতে মাথোন কাল কটাই ৰংপুৰৰ এই সন্ত্ৰান্ত ধনী বামুণৰ জীয়াৰী ডাঙ্গৰ দীঘল হোৱা নাছিল। বাপেকৰ ঘৰতে গুণৱতী মাকৰ যতন আৰু শিকনিত ভবিষ্যৎ ঘৰুৱা-জীৱনৰ প্ৰায় সকলো আৱশ্যকীয় কামত জয়ন্তী সুশিক্ষিত হৈ উঠিছিল। আসামৰ ভাল মানুহৰ ঘৰৰ জীয়াৰীয়ে যিবিলাক বিদ্যাত পাৰ্গতালি লাভ কৰা উচিত, জয়ন্তী আইদেওৰ সেইবিলাক একো বাকী নাছিল। “টিক বলধা ওলাই মাটি, মাক ভালে হে তাকে জাতি,” জ্ঞানী ডাকৰ এই বচনটিয়ে জয়ন্তীতে সাৰ্থকতা লাভ কৰিছিল। তেওঁ গুণবতী, শিপিনী মাকৰ আহিত গঢ় লৈ আপোন গুণেৰে ৰংপুৰ নগৰ পোহৰ কৰিছিল। কোনোবাই যদি সোধে, ৰংপুৰৰ ভিতৰত ভাল কাপোৰ বয় কোনে? উত্তৰ দিব লাগিব জয়ন্তী আইদেৱে। ভাল পাৰি দিয়া কাপোৰ কাৰ তাঁ‌তৰ পৰা ওলায়? কব লাগিব জয়ন্তীৰ। বিয়াই সবাহে সুললিত মাতেৰে সকলোতকৈ সুৱলাকৈ কোনে নাম দিব পাৰে? জয়ন্তীয়ে। দশম, কীৰ্ত্তন, ঘোষা, ৰত্নাৱলী প্ৰভৃতি পুথিবিলাকৰ কথা ৰংপুৰৰ ভিতৰত কোন ছোৱালীৰ জিভাৰ আগত? শুনিবা জয়ন্তীৰ। গা ধুই, মূৰ আঁচুৰি কপালত সেন্দুৰৰ ফোঁট, কাণত কেৰু, ডিঙিত মণি, হাতত খাৰু, আৰু বগা পাটৰ ৰিহা-মেখেলা পিন্ধি হাত যোৰকৈ বাল-সূৰ্য্যৰ সেই বৰণীয়া কান্তি ধ্যান কৰিবৰ সময়ত বশিষ্ঠজায় অৰুন্ধতীৰ নিচিনা সুন্দৰী দেখুৱায় কাক?