কুৰুৰাজ-কাৰেঙ্গত আৰু কৌৰৱ-শিবিৰত বিশেষ সতৰ্কতাৰে সৈতে
গা চাই ফুৰিবলৈ ভিতৰ-বিশ্বাসত ধৰ্ম্মাত্মা বিদুৰে পৰমাত্মা
শ্ৰীকৃষ্ণদেৱক আগধৰি যৎকিঞ্চিৎ সঙ্কেত দি থলে। ভগ বান্—
বাসুদেৱেও সেই সঙ্কেতৰ বিশেষণত সবিশেষ বুজি ললে।
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা।
টীকা।
আক্ষেপ—( আ—ক্ষিপ্+ মঞ ) বেজাৰ।
প্ৰাসাদ— প্ৰ—আ—সদ= থকা+ ঘঞ্ ) ৰজাৰ ঘৰ, অট্টালিকা
কাচিত ( কচিৎ ) —( ক্ক = ক'ত+অনিশ্চয়াৰ্থে চিৎ) কেতিয়াবা।
অজিতাত্মা— ( অজিত = দমাব নোৱৰা +আত্মা) = যি নিজক দমই ৰাখিব নোৱাৰে, অজিতেন্দ্ৰিয়।
প্ৰশ্ন
১। শ্ৰীকৃষ্ণ হস্তিনাপুৰলৈ কিয় গৈছিল?
২। শ্ৰীকৃষ্ণই দুৰ্য্যোধনৰ নিমন্ত্ৰণ ৰক্ষা নকৰাৰ কি যুক্তি দিছিল?
৩। সন্ধিস্থাপনৰ প্ৰয়োজনীয়তা সম্পৰ্কে শ্ৰীকৃষ্ণৰ অভিমত চমুকৈ ব্যক্ত কৰাঁ।
৪। বাক্য ৰচনা কৰা:—উপবিষ্ট, উপদেষ্টা, যুক্তিযুক্ত, স্বাৰ্থসিদ্ধি, 'গুণসম্পন্ন, বিচক্ষণীয়া, বিলক্ষণ, নিবৃত্ত, ভিতৰ-বিশ্বাস আৰু সঙ্কেত।