পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভগৱৎ-প্ৰেম।

 যেই সেই বস্তুৱে নিজৰ অস্তিত্বৰ লগত আৰু এজনৰ অস্তিত্ব প্ৰচাৰ কৰে। ঘট দেখিলে কুমাৰৰ, চিত্ৰ দেখিলে চিত্ৰকৰৰ, কিতাপ দেখিলে গ্ৰন্থকাৰৰ, গান শুনিলে গায়কৰ বিদ্যমানতা স্বীকাৰ নকৰাকৈ কোনো থাকিব নোৱাৰে। কাৰণবিহীন কাৰ্য্য অসম্ভব। তেনেহলে এই জগতৰ উৎপত্তিতো এটা মূল কাৰণ আছে, এজন কৰ্ত্তা আছে। তেওঁ কোন আৰু কেনেকুৱা এইটো দকৈ গমি চাবলগীয়া।

 প্ৰথমেই জননী বসুমতীৰ অতীত বুৰঞ্জীলৈ এবাৰ চকু দিয়াঁ। তাৰ পাচত এবাৰ তেওঁৰ বিস্তৃতি কল্পনা কৰাঁ;—নদ-নদী, সাগৰ- ভূধৰ আদি নতোন্নত অবয়ব,—জলচৰ, স্থলচৰ আৰু আকাশবিহাৰী প্ৰাণীপুঞ্জ,—লতা-গুল্ম, তৃণ-তৰু আদি উদ্ভিদশ্ৰেণী তোমাৰ মানস চকুৰ আগত দাঙ্গি ধৰাঁ। তাৰ পাচত এই পৃথিবী সৌৰ জগতৰ কি এটি ক্ষুদ্ৰ অংশ, এনে কত গ্ৰহ-উপগ্ৰহ লগ লাগি সৌৰজগৎ সম্পূৰ্ণ কৰিছে সেই বিষয়ে চিন্তা কৰাঁ।

 তাৰ পাচত ৰাতিৰ আন্ধাৰত মুকলিলৈ ওলাই এবাৰ আকাশৰ ফালে চকু ঘূৰোৱাঁ, আৰু কেনেকৈ কোটিয়ে কোটিয়ে অৰ্ব্বুদে অৰ্ব্বুদে নক্ষত্ৰমালাই নভোমণ্ডল আচ্ছন্ন কৰিছে তাক মনোযোগেৰে নিৰীক্ষণ কৰাঁ। লগে লগে এইটোও নাপাহৰিবা যে সেইবিলাক