মেঘৰ দৰে, কেতিয়াবা মনত অলপ দুশ্চিন্তা আহে—দূৰত বাঘৰ
হাঁওৰণি শুনিলে, বা কৰবাৰ কেনেবাকৈ বন্দুকৰ বা তেনে কোনো
আকস্মিক শব্দ শুনিলে।
মোৰ এই ক্ষুদ্ৰকথা জংঘলৰ এক হৰিণ পৰিয়ালৰ।
(খ)
সেইদিন দুপৰীয়া বৰ ৰ’দ। হঠাতে আকাশত মেঘ ওলাল, আকাশখন কলা পৰিল; বিজুলীৰ চক্মকনি দুটামান দেখা গল। তাৰ পাচতে দক্ষিণ পশ্চিম ফালৰপৰা বতাহ মাৰিলে। বৰষুণ আহিল। আৰু এঘণ্টামানৰ পাচত আকৌ আকাশ মুকলি হল, আকৌ ৰ’দ ওলাল। মুঠেই বৰষুণৰ টোপাবোৰ বনৰ ওপৰত লাগি থাকি, আৰু ৰ’দত চিক্মিকাই, গোটাই জংঘলখনকে এক নতুন শ্ৰীৰে বিভূষিত কৰি তুলিলে—যেন প্ৰকাণ্ড এখন সেউজীয়া দলিচাত মণিমুক্তাৰ ফুল। বহাগ মাহত এনেকুৱা বতৰ মাজে- সমযে হয়।
হৰিণ-হৰিণী নিজৰাৰ পাৰত শুই আছিল। হৰিণে কলে,— “হৰিণী, ঘাহবোৰৰ কোমল আগ ওলাল। আজি বৰষুণ পৰি আৰু কোমল হৈছে। বলাঁ, আজি অলপ দূৰৰ পৰা চৰি আহোঁহঁক।”
হৰিণীএ কলে,—“এৰা, যাব পাৰিলে ভাল আছিল তো! ইয়াত আজি অত দিনে শুই শুই গাটোও মেৰমেৰীয়া লাগিছে। পাছে, আজি যোৱাটো ভাল নহব। অথনি দুটা হাতীত আঠ-
দহজন মানুহ এই ফালে দি যোৱা দেখা নাই জানো? তাতে আজি