পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
শঙ্কৰদেৱৰ তিথি।

এই ধৰ্ম্মৰ যদি এটা প্ৰাণ আছে, সেই প্ৰাণ শ্ৰীশঙ্কৰৰ প্ৰাণ। অসমীয়া জাতিৰ যদি এটা প্ৰাণ আছে, সেই প্ৰাণ হৈছে শঙ্কৰৰ। অৱতাৰ আৰু কাক বোলে? এনে ক্ষণজন্মা পুৰুষেই অৱতাৰ বুলি খ্যাতি পায়। ঐশী শক্তিৰ বিকাশ মহাপুৰুষতে বৰ্ত্তে। শত বাধাবিঘ্ন এৰাই, অসম্ভবক সম্ভব কৰি, আন্ধাৰক পোহৰাই যি শক্তি বিকীৰ্ণ হ'ব পাৰে, সেই শক্তি নিশ্চয় অসাধাৰণ। ধৰ্ম্মৰ গ্লানি আৰু অধৰ্ম্মৰ অভ্যুত্থানৰ সময়ত সাধু পন্থা ৰক্ষা কৰি অপধৰ্ম্মৰ বিনাশৰ হেতু যি প্ৰখৰ বুদ্ধি, সৰ্ব্বতোমুখী প্ৰতিভা, বলবিক্ৰম, সাহ, স্বাধীনতা, দেশাচাৰৰ নিৰপেক্ষতা, অদম্য চেষ্টা আৰু আন আন উপকৰণ যি লাগে, সেই সকলো শঙ্কৰত বৰ্ত্তমান।

 আহি লাগে শঙ্কৰত পাবা। মূলমন্ত্ৰ লাগে শঙ্কৰত পাবা! একান্ত ভক্তি লাগে তেওঁতে পাবা। সাহিত্যৰ গুৰু শঙ্কৰ, অন্তৰ ৰাজ্যৰ ৰজা শঙ্কৰ, সমাজ গঢ়োঁ‌তা শঙ্কৰ, সমাজৰ নেতা শঙ্কৰ। তেওঁৰ চেষ্টা সহজায়ত্ত। কষ্টকল্পিত ভাব তেওঁত নাই, তেওঁৰ ওচৰলৈ আহিলেই মানুহ ধৰা পৰে—বশ হৈ পৰে। সমদৃষ্টি তেওঁতে, বামুণ-চণ্ডালক সমান দেখে তেওঁৱেই—“কুকুৰ চণ্ডাল গৰ্দ্দভৰো আত্মা ৰাম। জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।” ভণ্ডামিৰ যম তেওঁ। ৰজাৰ গুৰু হবলৈ তেওঁ অস্বীকাৰ কৰাটোত কি দৃঢ়তা! কেনে স্বাধীনতা! কি অটলতা! কি আৰ্হি দেখুৱাই তেওঁ দেহলীলা সম্বৰণ কৰিলে! জয়, শঙ্কৰদেৱৰ জয়! দেহত্যাগ কৰি ৰজাক দীক্ষা দিলা।