পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সাহিত্য-মুক্তাৱলী।

চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্মবিজ্ঞান শিক্ষা দিয়া হৈছিল। ইয়াৰ যিটো পুথি-ভঁৰাল আছিল, সি ভাৰতবৰ্ষৰ সকলো পুথি ভঁৰালতকৈ ডাঙৰ আছিল। সেই পুথি-ভঁৰালটো ৯ তলীয়া ঘৰ আছিল, আৰু তাৰ নাম আছিল ৰত্নদধি। শিক্ষাগাৰটোত ১০০টা খোটালীত ১০০ টা শ্ৰেণী বহিব পাৰিছিল। এই বিশ্ববিদ্যালয়ৰ ছাত্ৰবিলাক ভাৰতবৰ্ষৰ সকলো ঠাইৰ ছাত্ৰৰ আদৰ্শ আছিল। ৭০০ বছৰৰ ভিতৰত এটা ছাত্ৰৰো অশিষ্টাচাৰৰ কথাৰ উল্লেখ নাই। দেশ-বিদেশৰ ছাত্ৰ আহি নলন্দা ভৰি পৰিছিল, কিন্তু তাৰ শিক্ষাৰ আদৰ্শ ইমান ওখ আছিল যে, কম ছাত্ৰই হে তাত প্ৰবেশ লাভ কৰিব পাৰিছিল। এই বিশ্ববিদ্যালয়ত যেতিয়া চীনদেশৰ পৰিব্ৰাজক য়ুয়ানচ্যাঙে যোগশাস্ত্ৰ পঢ়ে, তেতিয়া আমাৰ দেশৰ ৰজা ভাস্কৰবৰ্ম্মাই তেওঁক এই দেশলৈ আহিবলৈ অনুৰোধ কৰি চিঠি লিখে। নলন্দাৰ বিহাৰৰ ঠাইখন এতিয়া আৰ্কিয়োলজিকেল ডিপাৰ্টমেন্টে খানি চোৱাত ভাস্কৰবৰ্ম্মাৰ চিঠিৰ লগত যোৱা এটা পোৰামাটিৰ মোহৰ পোৱা গৈছে। কোনে কব যে এই মোহৰটো ভাস্কৰবৰ্ম্মাই য়ুয়ানচ্যাঙক নিমন্ত্ৰণ কৰা পত্ৰৰ মোহৰ নহয়?

 (৪) উদয়ান্তপুৰৰ বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰেপৰা আছিল; কিন্তু ৮ম খৃষ্টীয় শতাব্দীত হে ই বিশেষ খ্যাতি লাভ কৰে। এই বিশ্ববিদ্যালয়ৰ এটা বহুমূল্য পুথিৰ ভঁৰাল আছিল, ১২০২ খৃষ্টাব্দত ই নষ্ট হয়।

 (৫) বিক্ৰমশিলা বা দেৱবিহাৰত বিশ্ববিদ্যালয় ৮ম খৃষ্টীয় শতাব্দীত ধৰ্ম্মপাল ৰজাই স্থাপন কৰে। এই বিশ্ববিদ্যালয়ৰ তলত