সকলো বস্তু দান কৰিছিল। ৰোগৰ সময়ত কিছুমান সোণৰ মোহৰ পাই গৰীবসকলক বিলাই দিবলৈ দিছিল। ৰোগৰ পৰা অলপ সংজ্ঞা পালেই সেই মোহৰবোৰ বিলাই দিয়া হল নে নহল খবৰ লৈছিল আৰু যেতিয়ালৈকে দিয়া হল বুলি জনা নাছিল তেতিয়ালৈকে খবৰ লৈয়ে আছিল।
জ্ঞান সম্পৰ্কে তেওঁৰ ধাৰণা অতি ওখ আছিল। তেওঁ কৈছিল, “জ্ঞানৰ বিষয়ে কথা কলে ঈশ্বৰকে প্ৰশংসা কৰা হয়, জ্ঞান চৰ্চ্চা কৰিলে তেওঁকে পূজা কৰা হয়, আৰু জ্ঞানদানেই হে প্ৰকৃত দান”।
আৰবজাতিক একতা-ডোলত বন্ধাই তেখেতৰ জীৱনৰ ব্ৰত আছিল। ঈশ্বৰৰ কৃপাত তেখেতে সেই ব্ৰত পালন কৰিবলৈ সক্ষম হৈছিল। কুসংস্কাৰপূৰ্ণ আৰবদেশত সত্যধৰ্ম্ম দান কৰাই মহম্মদৰ একমাত্ৰ লক্ষ্য আছিল। সেই আদৰ্শ তেওঁ পূৰ্ণভাবে লাভ কৰিছিল।
শ্ৰীমহাদেৱ শৰ্ম্মা।
টীকা।
অত্যুক্তি—( অতি—ৱচ্+ক্তি) বঢ়াই কোৱা।
নিৰম্বু— ( নিৰ্ = নোহোৱা+অম্বু =পানী) পানী নথকা, পানীকো নোখোৱা।
প্ৰশ্ন।
১। মহম্মদৰ চৰিত্ৰ আৰু তেওঁ দিয়া উপদেশৰ বিষয়ে যি জানা লিখাঁ।