কৰে, নিৰাপদে ব্যৱসায় কৰিব পাৰে, সম্ৰাটত তেনে প্ৰাৰ্থনা
মাথোন জনায় আৰু সম্ৰাটেও দ্বিৰুক্তি নকৰি তেওঁৰ প্ৰাৰ্থনা পূৰ
কৰে। তাৰ পিচত হামিল্টন নামেৰে আন এজনা ইংৰাজ ডাক্তৰে
ফেৰোকস্যাহ সম্ৰাটৰ ৰোগ-শান্তি কৰি সম্ৰাটৰ স্নেহভাজন হয়;
তেওঁ জাতীয় গৌৰবকে শ্ৰেষ্ঠ মানি আপোন স্বাৰ্থলৈ পিঠি দি সম্ৰাটৰ পৰা কোম্পানীৰ হকে কিছুমান ক্ষমতা খুজি লয়। চোৱাঁ,
ইংৰাজ জাতিৰ কেনে অদ্ভুত জাতীয় চেনেহ, কেনে অসাধাৰণ
আত্মত্যাগ! এই দুজনা ইংৰাজে সম্ৰাটৰ পৰা স্থায়ী-বৃত্তি নাইবা
ভূ সম্পত্তি লোৱা হলে তাৰ দ্বাৰাই পুত্ৰ-পৌত্ৰাদি-ক্ৰমে মহসুখে
সংসাৰযাত্ৰা নিৰ্ব্বাহ কৰিব পাৰিলেহেঁতেন। কিন্তু এই স্বাৰ্থ-কথাই
সিবিলাকৰ হৃদয়ত এবাৰো নেখেলালে! ইংৰাজৰ বুৰঞ্জীত, ইংৰাজ
জাতিৰ মাজত এনে অসংখ্য অসংখ্য দৃষ্টান্ত দেখিবলৈ পোৱা যায়,
কিন্তু বাহুল্যৰ ভয়ত সেইবিলাকৰ উল্লেখ কৰা নগল। যি জাতিৰ
এনে গভীৰ জাতীয় প্ৰেম, সেই জাতিৰ বহুল উন্নতি একে। বিচিত্ৰ
নহয়।
বৰ পৰিতাপৰ, বৰ লাজৰ কথা যে, ভাৰতবাসীয়ে জাতীয় প্ৰেম কথা নেজানে, জাতীয় উন্নতিৰ অৰ্থে স্বাৰ্থত্যাগৰ ক্ষমতা ভাৰতবাসীৰ নাই। নাইবা আজি স্বৰ্ণপ্ৰসবিনী ভাৰতজননী কেতিয়াও পৰপদানতা, পৰমুখাপেক্ষিণী নহলহেঁতেন। সেই কাৰণেই কোৱা গৈছে, ভাৰতবাসীৰ জাতীয় প্ৰেম নাই, ভাৰতবাসীৰ স্বাৰ্থত্যাগ নাই। ভাৰতবাসীৰ জাতীয় প্ৰীতি নথকাৰ কাৰণেই পাপাত্মা জয়সিংহে বিধৰ্ম্মীৰ হাতত স্বদেশৰ স্বাধীনতা লোপ পোৱা দেখিও আনন্দত