নকৰিলে। এই সম্পৰ্কে তেওঁৰ অন্তৰ অমানুষিক দেখি, “অয়সা নিৰ্ম্মিতং” অৰ্থাৎ লোহাৰে গঢ়া বুলিলেও হয়। পূৰ্ণানন্দ বুঢ়াগোহাঁইদেউক ৰাজমাওদেউতাই বৰ শ্ৰদ্ধা কৰিছিল। তেওঁৰ ঘৰ-দুৱাৰ লুটি বদন বৰফুকনে তেওঁৰ বংশত অপকাৰ কৰা দেখি ৰাজমাওদেউতাৰ গাই নসলে। বদনচন্দ্ৰ বৰফুকনৰো অত্যাচাৰ লাহে লাহে বাঢ়ি আহিল। লাহে লাহে তেওঁ আকৌ মানুহৰ চকুৰ হুলৰ নিচিনা হৈ উঠিল। আনতকৈ ৰাজমাওদেউতাৰ পক্ষে এই অত্যাচাৰ সকলোতকৈ অসহনীয় হল। তেওঁ গুৱাহাটীৰ পৰা ৰুচিনাথ গোহাঁইদেউক মাতি পঠালে; ইচ্ছা যে তেওঁৰ লগত পৰামৰ্শ কৰি বদনচন্দ্ৰ বৰফুকনৰ নিমিত্তে এটা উপায় কৰে। কিন্তু বাপেকৰ শোকত, বিশেষতঃ বদনফুকনে ঘৰ-বাড়ী লুটি অপমানাদি কৰি আত্মীয় বন্ধু-বান্ধব বহুতৰ বিনাশ সাধন কৰা শুনি তেওঁ আৰু উজনিলৈ আহিবলৈ মন নকৰিলে। কিন্তু বদনচন্দ্ৰ চকুৰ হুলক যেনে তেনে মতে কাঢ়িবই লাগিব, কুঁৱৰীদেউতাৰ এয়ে প্ৰতিজ্ঞা হ'ল। একোকে উপায় নেপাই শেহত তেওঁ বৰফুকনৰ লগত মিতিৰ পাতি, মিতিৰ ভাবে কথা হৈ হৈ বৰফুকনৰ সকলো ভিতৰুৱা কথাবিলাকৰ তৎ ললে। বদনচন্দ্ৰ বৰফুকন যেন ডাঙৰ মানুহ এজনে যিজনা তিৰোতাৰ বুদ্ধিত দন্তস্ফুট কৰিব নোৱাৰিলে, তেওঁ কেনে বুদ্ধিমতী তিৰোতা তাক এনেয়ে বুজিব পাৰি। পাছে কথাই কথাই ৰাজমাওদেউতাই বুজ পালে বৰফুকনৰ হাতত গোটাদিয়েক বিৰি আছিল, সেই বিৰি থাকেমানে তেওঁৰ গাত কোনো অস্ত্ৰে ঘা লগাব নোৱাৰে। সেই বিৰি তেওঁ বৰ পবিত্ৰ ভাবে ৰাখে,— অশুচি
পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৯
অৱয়ব