সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
সাহিত্য-মুক্তাৱলী।


কি নহৈছে বুলি তধা লাগি চাই আছে। গাভৰুক দেখি হৰিণীৰ শোক উঠলি উঠিল। তাতে এই জনীকে অন্যায় কৰা নাই নে? দুয়ো লগ লাগিল; কথা হবৰ আৱশ্যক নহল। দুয়ো দ্বিতীয় বাৰ, হৰিণ যি ফালে গৈছিল, সেই ফাললৈ লৰ দিলে।

 এনেতে হৰিণৰ মূৰত সেই দাৰ কোব। তাৰ আৰ্ত্তনাদে আকাশ ভেদি গল; আৰু তাহাঁতৰ বুকত শেল হানিলে। তাহাঁত দুখ-বেজাৰত মৰাৰ দৰে থিয় হৈ ৰল! চকুৱে দি গিৰ্‌-গিৰকৈ লো ববলৈ ধৰিলে।

পাছ মুহূৰ্ত্ততে সেই ৰাক্ষসহঁতে হৰিণক হাতীৰ ওপৰত বান্ধি লৈ গল। ইফালে গধূলি হৈছে।

 হৰিণী আৰু গাভৰু সেই ঠাইলৈ আহিল। আহি দেখিলে হৰিণৰ তেজেৰে গোটাইখন থল ৰঙা পৰিছে আৰু হাতী, মানুহ আৰু হৰিণৰ টনা-আজোৰাত তেজেৰে মাটি-পৰিমিত বোকা হৈ গৈছে।

 দুয়ো মূচ্ছিত হৈ পৰিল।

(চ)

 ইফালে ৰাতি ডেৰপৰমান হোৱাত চিকাৰীহঁত ঘৰ পালেহি। তাহাঁতৰ লৰা-তিৰোতা, পো-পৰিয়াল সকলোৱে বাট চাই আছিল, চিকাৰ চাবলৈ।

 লুষ্ট-পুষ্ট প্ৰকাণ্ড হৰিণ এটি দেখি তাহাঁতৰ জিভাৰ পানী পৰিবলৈ ধৰিলে; আৰু তেতিয়াই খোৱা-কামোৰা খিকিন্দালি কৰি হৰিণাক কাটি নি খাবৰ যো-জা কৰিলে।

—শ্ৰীশৰৎচন্দ্ৰ গোস্বামী।