নো আজি কি আনন্দ মিলিছে?” ধাত্ৰীয়ে আনন্দত উৰুলীকৃত হৈ কলে,—“কালি লৈ পুষ্যা যোগত ৰামক যুৱৰাজ পাতিব।” মন্থৰাই উত্তৰ শুনিয়েই পকী ঘৰৰ ওপৰৰপৰা নামি আহি কৈকেয়ীক সংবাদ দিলে। কৈকেয়ী আৰু মন্থৰাৰ ভিতৰত যি কথাবাৰ্ত্তা হৈছিল তাক পিচত আলোচনা কৰা হব। আগেয়ে ওপৰৰ কথাফেৰাকেই চোৱা যাওক।
সৌৰ জগতত এটি গ্ৰহ চূৰ্ণ-বিচূৰ্ণ হৈ যোৱাটো যেনে এটি ডাঙ্গৰ ঘটনা, ৰাজনৈতিক জগততো ৰজা সলনি হোৱাটো ঠিক তেনেকুৱা এটি ঘটনা। নতুন ৰজাৰ অভিষেক ঘাইকৈ প্ৰজাবিলাকৰ মনত এটি স্মৰণীয় ঘটনা। তেতিয়া আনন্দ আৰু ভয়েৰে প্ৰজাবিলাকৰ মনত এটি নতুন ভাব ওপজে। আনন্দ, ৰজাৰ ৰাজ্যাভিষেক বুলি। ভয়, নতুন ৰজাই বা কিদৰে আমাক শাসন পালন কৰে এই বুলি। আৰু ৰাজ্যাভিষেক আদি ডাঙ্গৰ ডাঙ্গৰ কামবোৰ সদৰী ভাৱেই হোৱাৰ নিয়ম; সেই ভাৱে হৈও আহিছে। কিন্তু ৰামৰ ৰাজ্যাভিষেকত ভালকৈ চকু ফুৰাই চালে, দেখিবলৈ পোৱা যায়, আধা এন্ধাৰ, আধা পোহৰ ভাৱ এটি তাত লুকাই আছে।
দশৰথৰ প্ৰথম পুত্ৰ ৰামচন্দ্ৰৰ কালিলৈ ৰাজ্যাভিষেক হব; তেওঁৰ মৰমৰ মাদৈ কৈকেয়ীয়ে আজিও তাৰ ভুকে পোৱা নাই। ৰজা ঘৰৰ লগা-ভগা দাসী কুঁজীয়ে লোকৰ আনন্দ দেখি ৰামৰ ধাত্ৰীক সুধিছিল বোলে “আজি নো কি?” আৰু ঘাইকৈ বৰ পুত্ৰই ৰাজ্য পোৱাটো ইক্ষ্বাকু বংশৰ পুৰণি নিয়ম, এনে অৱস্থাত ৰামৰ অভিষেক গুপুততে কৰাৰ সকামটো কি আছিল? এইটো