এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধুলি-কণা মই।
(১)
যিদিনা মৰিম মই, সেইদিনা বাৰু
জগতৰ কেনি হানি হ’ব?
মৰিলোঁ নে আছোঁ মই এই কথাকে নো
পৃথিবীৰ কিমানে জানিব?
(২)
মই মৰিলেও দিন গ'লে ৰাতি হ'ব,
জোন-বেলি ওলায়ে থাকিব।
গছত ফুলিব ফুল, বতাহ বলিব,
নিজ বাটে নক্ষত্ৰ ঘূৰিব।
(৩)
আজিৰ দৰেই নিতে জগৎ চলিব,
নাই তাত অকণো সংশয়;
এই বিশ্ব সংসাৰৰ কোনো নিয়মৰে
লৰচৰ অলপো নহয়।
(৪)
মই নোহোৱাৰ বাবে এই জগতৰ
কোনো কাম পৰি নাথাকিব,
কামত বিভোৰ এই বিশাল বিশ্বই
মই মৰা গমকে নাপাব।