পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
 

৺সত্যনাথ বৰাৰ মতে প্ৰথম আৰু শেহৰটো শুদ্ধ, আৰু ৰায় বাহাদুৰ শ্ৰীযুক্ত পদ্মনাথ গোহাঞি বৰুৱাৰ মতে প্ৰথম আৰু তৃতীয়টো শুদ্ধ।

 য’ত ওপৰত উল্লেখ কৰাৰ নিচিনা মতভেদ আছে, তাত যি লেখকে যেনেকৈ লিখিছে তাকে শুদ্ধ বুলি ধৰাৰ বাহিৰে আমি আন উপায় পোৱা নাই। “সাহিত্য-মুক্তাৱলী”ত কোনো শব্দ বা নিয়মৰ অমিল পালে পাঠকসকলে ওপৰত লিখা কথাখিনি গমি চাব বুলি আশা কৰিলোঁ৷ ইতি।

তেজপুৰ।
২০ শাওণ, ১৮৫৬ শক।
বিনীত
শ্ৰীদণ্ডিনাথ কলিতা।