পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহম্মদ।

 আজি প্ৰায় তেৰ শ বছৰ অতীত হল মহম্মদে ইহলোক এৰি স্বৰ্গধামলৈ প্ৰয়াণ কৰিলে; কিন্তু আজিও পৃথিবীৰ অন্যূন ১৮ কোটী মানুহে তেওঁৰ নাম দিনে ৰাতিয়ে ভক্তিৰে লব লাগিছে, তেওঁৰ প্ৰতি কৃতজ্ঞতা জনাব লাগিছে। যি ধৰ্ম্মৰ প্ৰভাৱত অসভ্য আৰব জাতি মানুহ হৈ উঠিল, সেই ধৰ্ম্মৰ প্ৰতিষ্ঠাপক কোন? নিঃসহায়, নিঃকিন, এনে কি, দুবেলা দুমুঠি খাবলৈ সংস্থান নোহোৱা মহম্মদে কিহৰ বলত এই নতুন ধৰ্ম্ম স্থাপন কৰি সমাজক নতুন সঞ্জীবনী শক্তি দান কৰিবলৈ ক্ষমতা পালে? মহম্মদ নিজে নিৰক্ষৰ আছিল বুলিলেও অত্যুক্তি নহয়। তেওঁ কৰ পৰা কোৰাণৰ বিশুদ্ধ আৰবী ভাষা শুনালে? কি লাভ কৰি মহম্মদে পৃথিবীৰ ৰাজ- সিংহাসন পায়ো ভৰিৰে ঠেলি পেলালে?—নিজে গৰীব বেশেৰে গোটেই জীৱন আনন্দেৰে কটাব পাৰিলে? সেয়ে হৈছে তেখেতৰ ধৰ্ম্মবল; ঈশ্বৰৰ ওপৰত অটল বিশ্বাস! ঈশ্বৰক যি লাভ কৰে, তেওঁৰ মানত সংসাৰৰ যাবতীয় সম্পদ লোষ্টবৎ নহৈ কি হব পাৰে?

 যি সময়ত গোটেই আৰব দেশ মহম্মদৰ ইঙ্গিতত চলিছিল তেতিয়াও মহম্মদৰ অৱস্থা কেনে আছিল জানিলে বিস্ময় মানিব লাগে। তেওঁৰ পিন্ধনত বাৰ সিয়নি মৰা এড়োখৰ মাথোন কাপোৰ। কেতিয়াবা নতুন এখন পিন্ধিবলৈ পালে ঈশ্বৰক এইদৰে উপাসনা