মুখলৈ চাই কলে, “চাচোন, ঐ মানুহজনী! তই আমাৰে সৈতে ঠাট্টা কৰিছে নে কি? এইয়া এডিঙীয়াকৈ গাত খানিলোঁ, তোৰ ধনৰ পেৰা ক'ত?” জয়ন্তীযে গহীনকৈ উত্তৰ কৰিলে, “আৰু অলপমান খান, নিশ্চয় ওলাব। আৰু নোলায় যদি আমি তো ডিঙি পাতিয়েই আছো, তাৰ নিমিত্তে চিন্তা কি?” গাঁতৰ ভিতৰৰ মানটোৱে আশ্বস্ত হৈ আকৌ উৎসাহেৰে সৈতে খানিবলৈ লাগিল। গাঁতৰ পাৰত থকা দুটাই নিজ নিজ তৰোৱাল কাষত থৈ কথা পাতি থাকোতেই ছেগ চাই জয়ন্তীয়ে বিজুলীৰ বেগেৰে, সিহত দুইকো ঠেলা মাৰি সেই এডিঙীয়া দা গাঁতত পেলাই দি সেই তৰোৱালেৰেই মুহূৰ্ত্তৰ ভিতৰতে তিনিউৰো মুৰ তিনটা কাটি পেলাই, ৰমানাথৰ হাতৰ বান্ধ সোলোকাই দি বলিয়াৰ দৰে নাচিবলৈ ধৰিলে। নিমিষৰ ভিতৰতে এনে আচৰিত পট-পৰিবৰ্ত্তন ৰমানাথৰ সমাজিক যেন লাগিল। ক'ত সেই ভীমকায় দুৰ্বৃত্ত দস্যুৰ হাতত প্ৰতি নিমিষতে তেওঁ জীৱনৰ আশাত জলাঞ্জলি দিবলগীয়াত পৰিছিল, আৰু ক'ত খন্তেকতে সিহঁতৰ মৰা শ কেইটা স্বকৃত দুষ্কাৰ্য্যৰ পৰাচিত-স্বৰূপে নিজে খনা গাঁতৰ ভিতৰত মূৰ নাইকিয়া হৈ পৰিল। ক'ত সেই ভয়ত শোট্-মোট্ খোৱা জয়ন্তীয়ে চকুৰ লোৰে ৰিহাৰ আঁচল তিয়াইছিল, আৰু ক'ত নিমিষতে এই ৰণোন্মত্তা চামুণ্ডাৰূপিণী তিৰুতাই তৰোৱাল হাতত লৈ উন্মাদ-নৃত্য কৰিব লাগিছে! ক'ত কাঞ্চন গছত ৰমানাথ বধ্য বন্দীৰূপে বান্ধ খাই আছিল, আৰু ক’ত পলকৰ ভিতৰতে তেওঁ বান্ধৰ পৰা মুকলি হৈ স্বাধীনতা লভিলে! নিমিষতে দৃশ্যৰ কি অদ্ভুত সলনি! সঁচাকৈয়ে
পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৪২
অৱয়ব