মোৰো অনুগত। স্বৰূপত মই পাণ্ডৱৰ পৰা পৃথক নহওঁ। যি
লোকে কাম-ক্ৰোধ-লোভ-মোহৰ বশবৰ্ত্তী হৈ অন্যৰ লগত কন্দল
পাতে আৰু গুণবানক হিংসা কৰে, সি নৰাধম। যি জনে কল্যাণকৰ
গুণসম্পন্ন জ্ঞাতিগণক অকাৰণত দুষ্ট জ্ঞান কৰি সিবিলাকৰ ধনৰত্ন
অপহৰণ কৰিবলৈ ইচ্ছা কৰে, সেই অজিতাত্মা দুৰাচাৰে কাচিতো
চিৰসঞ্চিত সম্পত্তি সম্ভোগ কৰিবলৈ নাপায়। আন হাতে নিজৰ
অপ্ৰিয় হলেও যি গুণীলোকক প্ৰিয় আচৰণেৰে বশ কৰে,
চৰকাল যশস্যা ভোগ কৰে। এতিয়া বুজিবলৈ মোৰ বাকী
নাই যে, আপুনি কোনো দুৰভিসন্ধিৰে সৈতে মোক ভোজনলৈ
টানি আহ্বান কৰিছে। এতেকে মই কেতিয়াও আপোনাৰ সঙ্কল্পিত
ভক্ষ্য-সামগ্ৰী ভোজন নকৰোঁ গৈ; ধৰ্ম্মাত্মা বিদুৰৰ কুটীৰত
ভোজন কৰিবলৈ হে মই স্থিৰ কৰিছোঁ, আপুনি বিষম নাপাব।”
শ্ৰীকৃষ্ণৰ অকাট্য যুক্তিপূৰ্ণ উত্তৰৰ প্ৰত্যুত্তৰ কাটিবলৈ ওপৰঞ্চি যুক্তি ঢুকি নাপাই দুৰ্য্যোধন নিৰুত্তৰ হল। নিমিষচেৰেক স্বভাৱতে কাঁহ পৰি-জিন যোৱাৰ নিচিনাকৈ নিজম পৰিল। তাৰ মাজতে দুৰ্য্যোধনে মনে মনে অন্য কোনো কথা পাঙ্গিছে যেন বুজিব পাৰি, তেওঁক সেই অৰ্থে সুবিধা দি শ্ৰীকৃষ্ণদেৱে বিহিতভাৱে বিদায় লৈ অন্যত্ৰ গতি কৰিলে। তেওঁ পোনেই ভীষ্মদেৱ, তাৰ পাচত দ্ৰোণাচাৰ্য্য, তাৰ পাচত কৃপাচাৰ্য্য এই অনুক্ৰমে কুৰুৰাজ-সভাৰ জ্ঞানী, মানী, সজ্জন সকলোকে সাক্ষাৎ কৰি যথাৰীতি প্ৰীতিভাব জ্ঞাপন কৰিলে গৈ। সিবিলাকে অযাচিতে মহাজ্ঞানী পৰমপুৰুষ দৈৱকীনন্দন বাসুদেৱৰ সাক্ষাৎ লাভ কৰি নিজৰ পৰম সৌভাগ্য