পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
জাতীয় জীৱন।


উপভোগ কি। তেতিয়া হে মানব-জীৱন দান কৰা বুলি প্ৰমুক্ত কণ্ঠে ভগৱানক ধন্যবাদ দিব পাৰিম।

 মানুহ বুলিলেই অসংখ্য বাসনা, ইচ্ছা, আকাঙ্ক্ষা, আৰু শক্তিৰ সমষ্টি বুজায়। মানুহৰ কৰ্ত্তব্য-জ্ঞান আছে, ধৰ্ম্মজ্ঞান আছে, ভবিষ্যৎ সুখৰ বাঞ্ছা আছে, লোকৰ উপকাৰ কৰিবৰ প্ৰবৃত্তি আছে, মানুহৰ জ্ঞান-পিপাসা আছে। মানুহৰ যে আৰু কি কি অসংখ্য প্ৰবৃত্তি আছে, তাক মানুহে নিজেই ক’ব নোৱাৰে। পৰস্পৰৰ সংঘৰ্ষণত কেতিয়াবা কেতিয়াবা একোটা আচৰিত শক্তি আৰু জ্ঞান বিস্ফুৰিত হৈ পৰে। এই সকলোবোৰ গুণ আৰু শক্তি সমানভাবে ধাৰণা কৰিবলৈ নিৰ্ম্মলভাবে জগতৰ পিনে চাব পৰাই প্ৰকৃত শিক্ষা।

শ্ৰীবাণীকান্ত কাকতি।

টীকা।

 উপল—শিল।

 স্পন্দন— (স্পন্দ = গতি কৰ+ অনট্‌ ) গতি, ধপ্‌ধপনি।

 সংঘৰ্ষণ—( স—ঘৃষ+অনট্‌ ) ঘঁহনি, ঠেকাঠেকি।

 বিস্ফুৰিত—( বি—স্ফুৰ+ক্ত) প্ৰকাশিত।

প্ৰশ্ন।

 ১। জাতীয় জীৱন কি?

 ২। প্ৰকৃত শিক্ষা কাক বোলে?


⸻০⸻