দিনীয়া। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ কোনো কথাতে অতিচাৰ
নাছিল। ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ এই চতুৰ্ব্বৰ্গ-গুণসম্পন্ন স্বৰ্গদেৱে
সুস্থিৰ সুগম্ভীৰ চিত্তেৰে ৰাজ্যশাসন কৰিব পাৰিছিল। ৰুদ্ৰসিংহ
স্বৰ্গদেৱক আমি যদি আহোম-আকবৰ বোলোঁ, ৰাজেশ্বৰ সিংহ
স্বৰ্গদেৱক আমি আহোম চাজাহান বুলিব পাৰোঁ।
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা।
টীকা।
গড়প্ৰাঞ্চি—গড়+প্ৰাচীৰ।
কোঠ-বুৰুজ—গোটা বাঁহ কাঠেৰ বেৰা দিয়া কোঠ বা গড়।
বঙ্গাল—বিদেশী মানুহ।
কৌশল—( কুশল = নিপুণ+ষ্ণ ) নিপুণতা।
পৰাস্ত — (পৰা অস্ = খেদোৱা+ক্ত) পৰাজিত।
সমৃদ্ধি ( সম্—ঋধ = বাঢ় + ক্তি) ঐশ্বৰ্য্য।
দুৰ্ধৰ্ষ — ( দুৰ্ = কঠিন, ধৃষ = বল কৰ+ঘঞ্ ) যাক পৰাজয় কৰা কঠিন; পৰাক্ৰমী।
চোৱাৰী—( ফাৰ্চী ) অশ্বাৰোহী।
প্ৰশ্ন।
১। বাক্য ৰচনা কৰাঁ:—পোটক, ৰণ-জেউতি, ক্ষতিক্ষণ, আলেখ-লেখ, সঁফুৰা, উদ্বিগ্ন।
২। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত অসমৰ অৱস্থা কেনে আছিল, বৰ্ণনা কৰাঁ।
⸻