কোনেও তৰ্কত পৰাস্ত কৰিব নোৱাৰিলে। তাৰ পৰা তেওঁ বিজয়ী বীৰৰ দৰে অতি উৎসাহেৰে আন আন প্ৰদেশত গৈ বৈদিক ধৰ্ম্ম প্ৰচাৰ কৰি ফুৰিছিল; তেওঁৰ বক্তৃতাত মুগ্ধ হৈ জাকে জাকে মানুহে বৌদ্ধ-ধৰ্ম্ম পৰিত্যাগ কৰি আকৌ বৈদিক-ধৰ্ম্মত শৰণ লৈছিল। তেওঁ ব্ৰহ্মচাৰীৰ বেশেৰে খোজ কাঢ়িয়েই ভাৰতৰ এমূৰৰ পৰা আন মূৰলৈকে ভ্ৰমণ কৰিছিল। তেওঁৰ সম্বন্ধে মাৰ্চডেন চাহাবৰ ভাৰতৰ ইতিহাসত এইদৰে লিখা আছে, “কুমাৰিলা ভট্ট আসামদেশী ব্ৰাহ্মণ; তেখেত ৭৫০ খৃষ্টাব্দৰ সম-সাময়িক লোক। এক ঈশ্বৰে জগৎ সৃষ্টি কৰি পালন কৰিছে - বেদৰ এই প্ৰাচীন ধৰ্ম্মমতকেই তেখেতে বিহাৰ প্ৰদেশৰ পৰা যাত্ৰা কৰি ভাৰতৰ সকলো প্ৰদেশত শিক্ষা দি ফুৰিছিল; অনেক ৰাজ-সভাত বৌদ্ধ ভিক্ষুসকলক বাদত পৰাস্ত কৰি অগণিত বৌদ্ধ-ধৰ্ম্মীসকলক হিন্দু ধৰ্ম্মলৈ ঘূৰাই আনিছিল। তেখেতে বৌদ্ধ আৰু জৈন ধৰ্ম্মৰ ঘোৰ শত্ৰু হৈ ব্ৰাহ্ম-সকলক ধৰ্ম্ম-গুৰুৰ অধিকাৰ দান কৰিছিল। তেখেতে অনেক শাস্ত্ৰ লিখি থৈ গৈছে।” [১]
জগৎগুৰু শঙ্কৰাচাৰ্য্য এই কুমাৰিলা ভট্টৰ শিষ্য আছিল।
সেই দেখি হে অসমীয়া কবিয়ে মনৰ আনন্দত গাইছে,—
“শঙ্কৰাচাৰ্য্যৰ গুৰু অসমীয়া
কুমাৰিলা ভট্ট নাম;
- ↑ Marsden's History of India for Senior classes vol 1, Page 187.