কিছুদিনৰ পিচত, ইজিপ্ট চৰ্কাৰে খাল-কোম্পানীৰ নিজ ভাগৰ
অংশখিনি বেচিব খুজিলে। ৰুচিয়াই তাক কিনিবলৈ বৰ আগ্ৰহ
কৰিছিল। কিন্তু চুয়েজ খাল হাতত নাথাকিলে, ইংৰাজ জাতিৰ
বহু কথালৈ অচল হয়, ভাৰতবৰ্ষ আৰু অস্ত্ৰেলিয়ালৈ যাতায়াতৰ নথৈ
অসুবিধা ঘটে; এচিয়া মহাদেশত বাণিজ্য বিস্তাৰৰ সুচল নহয়;
নৌ-শক্তিত প্ৰাধান্য ৰক্ষাৰ অৰ্থে লাগতিয়াল প্ৰধান এটা সমল
নোহোৱা হয়। তদুপৰি, ব্যৱসায়ৰ হিচাপতো, ই এক লাভৰ
কাৰবাৰ। ইংলণ্ডৰ সেইকালৰ মহামন্ত্ৰী দূৰদৰ্শী ডিজ্ৰেলিয়ে ( লৰ্ড
বেকন্সফীল্ড ) এইবিলাক কথা গৰকি চাই, ইজিপ্টৰ অংশখিনি
৪,০০০,০০০ পাউণ্ডত ততাতৈয়াকৈ বৃটীছ চৰ্কাৰলৈ কিনি পেলালে।
১৯২৭ চনত এই অংশখিনিৰ বজাৰ দাম ৩৬,৫২৪,৩৫০ পাউণ্ড
বুলি ধাৰ্য্য হৈছিল। খালটো দীঘে ১০০ মাইল আৰু বহলে তলিত
১১৮ ফুট; কোনো কোনো ঠাইত ১৮০ ফুটলৈকে বহলাইছে।
গোটেই খালটো দই ৩৩ ফুট। তাত দুখন জাহাজ একেলগে যাব
নোৱাৰে। এখনে কাষ চাপি, বাট এৰি দিলে হে ইখন যাব পাৰে।
এই খালে দি সকলো দেশৰে জাহাজ যাবলৈ দিয়ে। একোখন
ডাঙ্গৰ জাহাজ খালে দি এবাৰ যোৱা বাবে খাল কোম্পানীয়ে প্ৰায়
৩,০০০ পাউণ্ড মাচুল পায়। খালৰ এমূৰৰ পৰা ই মূৰলৈ যাবলৈ
বাৰৰ পৰা পোন্ধৰ ঘণ্টালৈকে সময় লাগে। সমলেখত দিনে
১৭ খনকৈ জাহাজ খালে দি অহা-যোৱা কৰে। তাৰ ভিতৰত,
ইংৰাজৰ জাহাজ শতকৰা ৬০ খনৰো ওপৰ।
চুৱেজ-খালে চুৱেজৰ পৰা পোৰ্ট চেইডলৈকে ইজিপ্ট দেশৰ বিশাল