পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
জয়ন্তী।

টীকা

সনাতন— (সনা=সদায়+তন=থকা) সদায় থকা, চিৰস্থায়ী।
ক্ষণজন্মা— শুভক্ষণ জন্ম, যাৰ।
সৰ্ব্বতোমুখী— (সৰ্ব্বতঃ— মুখ+ইন্‌= আছে) সকলোপিনে লক্ষ্য থকা।
বিকীৰ্ণ— (বি-কৃ = ছটিয়া+ক্ত) কেইওফাললৈ সিঁচৰতি হৈ পৰা।
সহজায়ত্ত— (সহজ = সহ-জন্+ড+ আয়ত্ত= আ— যুৎ+ক্ত ) সহজে লাভ কৰিব পৰা, সহজ সাধ্য।
কষ্টকল্পিত— (কষ্ট+ক্লপ+ক্ত) কষ্টেৰে কল্পনা কৰা, কষ্টসাধ্য। সহজে নুবুজা। মূলমন্ত্ৰ–বীজমন্ত্ৰ, ঈশ্বৰক আৰাধনা কৰাৰ মূল বচন।

প্ৰশ্ন

১। বহলাই বুজাই দিয়াঁ—
 (ক) দেহত্যাগ কৰি ৰজাক দীক্ষা দিলা।
 (খ) অসমক তুমি নতুনকৈ স্ৰজিলা।

⸻⸻

 

জয়ন্তী

প্ৰথম অধ্যায়।

 জয়ন্তী ডাঙ্গৰ মানুহৰ জিয়াৰী, ডাঙ্গৰ মানুহৰ ঘৈণী, সৰুতে বাপেকৰ ঘৰত সুখত উঠা আৰু ডাঙ্গৰত গিৰিয়েকৰ ঘৰত সৌভাগ্যৰ কোলাত লালিতা। দৈন্য-দৈত্যৰ তাড়নাত শাৰীৰিক কিম্বা মানসিক কষ্ট বাপেকৰ ঘৰত কি শহুৰেকৰ ঘৰত তেওঁ