কৈকেয়ী আৰু মন্থৰাৰ ভিতৰত যি কথাবাৰ্ত্তা হৈছিল, তাতো
ইয়াৰ প্ৰমাণ পোৱা যায়। মন্থৰাই যেতিয়া কৈকেয়ীক কলে যে,
“ৰাম ৰজা হলে তোমাৰ সৰ্ব্বনাশ”, তেতিয়া কৈকেয়ীয়ে উলাহেৰে
কৈছিল,—“ৰামে এশ বছৰ ৰাজত্ব কৰাৰ পিচত ভৰতেও পিতৃ-
পিতামহৰ ৰাজ্য পাব।” (৫) [১]
ইয়াৰ দ্বাৰা এনেকুৱা অনুমান হয়, কৈকেয়ীয়ে কোনো সময়ত
দশৰথৰ পৰা এনে প্ৰবোধ পাইছিল যে, এতিয়া ৰাম ৰজা হওক,
এশ বছৰৰ পাচত ভৰতেও এই পিতৃপিতামহৰ ৰাজ্যৰ অধিকাৰী
হব পাৰিব। কিন্তু কুজী সাধাৰণ নহয়, কুঁজী ৰাজনীতিতো পকা।
গতিকে কুঁজীয়ে মিঠা মাতেৰে তিৰস্কাৰ কৰি কলে :—
“ৰজাৰ কুলত জনম ধৰি, আৰু ৰজাৰ মহিষী হৈও তই
ৰাজনীতিৰ কুটিলতা বুজি নেপাৱ!” (৬) [২] এই বুলি কুঁজীয়ে ৰাজ-
নাতিৰ কুটিলত বুজাই দিলে,—“এশ বছৰৰ পাচত ভৰতে ৰাজ্য পোৱা
কথাটো মিছা; যিহেতু এতিয়া ৰাম ৰজা হলে, তাৰ পিচত তেওঁৰ
পুতেক, নাতিয়েক ইত্যাদি ক্ৰমে ৰাজপদ চলি যাব। ভৰত চিৰ-
কালৰ নিমিত্তে ৰাজপদৰ পৰা আঁতৰ হ’ল।” তেতিয়া কৈকেয়ীয়েও
বুজিলে, আৰু ৰামৰ অভিষেক বাধা দিবলৈ দৃঢ় প্ৰতিজ্ঞা কৰিলে।