পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
জয়ন্তী

লগীয়াত পৰিলোঁ, আৰু আমাৰ ৰূপবান ধন-সম্পত্তি কোনে খাব? মোৰ-কপালত গোসাঁ‌য়ে যি লিখিছে সেয়েই হব, কিন্তু যদি তহঁতে মোৰ স্বামীক নাকাটি এৰি দিবলৈ মান্তি হৱ তেন্তে আমাক ওভতাই আমাৰ ঘৰলৈ লৈ বল, ক’ত আমাৰ পেৰাই পেৰাই সোণ-ৰূপ অলঙ্কাৰ-পাতি পুতি লুকুৱাই থৈছোঁ‌হঁ‌ক তহঁতক দেখুৱাই দিওঁগৈ।” জয়ন্তীৰ অলৌকিক ৰূপ-লাৱণ্যই ইতিপূৰ্ব্বেই ডকাইতহঁতক আংশিক- ৰূপে জয় কৰি ৰাখিছিল; এতিয়া তেওঁৰ এই সুমধুৰ বচনে আৰু বিপুল অৰ্থপ্ৰাপ্তিৰ লোভে সিহঁতক সম্পূৰ্ণৰূপে পৰাজয় কৰিলে। সিহঁত উলাহেৰে আকৌ উভতি আহি ৰমানাথৰ ঘৰৰ ওচৰ চাপিল। জয়ন্তীয়ে ঘৰৰ আগচোতালৰ কাষতে থকা এজোপা কাঞ্চন ফুলৰ গছ দেখুৱাই কলে, “এই খিনিতে চাৰি হাত মাটিৰ তলত আমি আমাৰ ৰূপ-বানৰ পেৰাবিলাক পুতি থৈছো।” এই কথা কাণত পৰা মাত্ৰকতে মানহঁতে কাঞ্চন গছত ৰমানাথক ভালকৈ বান্ধি, ৰংমনেৰে কোৰ লৈ সেই দেখুৱাই দিয়া ঠাই ডোখৰ খানিবলৈ লাগিল। এই খিনিতে কোৱা যাওক যে ডকাইতহঁতে জয়ন্তীক অবলা তিৰুতা মানুহ কলৈ পলাব বুলি সৰহ পৰ বান্ধি ৰাখিবৰ আৱশ্যক যেন নেভাবি মুকলিকৈ থৈছিল। সিহঁতে আৰু ভাবিছিল, যদি তেওঁ পলাব খোজেও ততালিকে এজনী তিৰুতা মানুহক ধৰি পেলাবলৈ সৰহ কথা নেলাগে।

 প্ৰায় আদঘণ্টামান বেলি তিনিউটা মানে ওপৰা-উপৰিকৈ চাৰি হাতমান দকৈ গাঁত খানিলে; কিন্তু ৰূপ-বানৰ পেৰা কিম্বা আন বয়-বস্তুৰ একো চিন পোৱা নগল। প্ৰথম ডকাইতে জয়ন্তীৰ