গৌৰৱৰ বস্তু, বিদ্যাসাগৰৰ অনুপম চৰিত্ৰ। তেওঁৰ দেৱচৰিত্ৰ
সকলো সদ্গুণৰ আধাৰ আছিল। সমাজ-সংস্কাৰত বিদ্যাসাগৰৰ
সমতুল্য, জ্ঞান আৰু শিক্ষা-বিস্তাৰত তেওঁৰ দ্বিতীয়, সাহিত্য-ক্ষেত্ৰত
তেওঁৰ সমনীয়া আন জন থাকিব পাৰে; কিন্তু নিৰ্ম্মল, পবিত্ৰ,
আদৰ্শ চৰিত্ৰৰ তুলনাত বিদ্যাসাগৰৰ দ্বিতীয় জগতত নাই।
বিদ্যাসাগৰৰ দয়া, তেওঁৰ পৰোপকাৰ, তেওঁৰ বিশ্ব-প্ৰেমৰ তুলনা
জগতৰ কোনো দেশৰ ইতিহাসত, কোনো জাতিৰ বুৰঞ্জীত,
কোনো লোকৰ জীৱন-চৰিত্ৰত পাবলৈ নাই। সংসাৰত জটিল
কৰ্ম্মক্ষেত্ৰত—অকল যে তেওঁ মহাবীৰৰ দৰে কৰ্ম্মৰ লগত যুদ্ধ কৰি
বিজয়ী হে হৈছিল এনে নহয়, তেওঁ মনুষ্যজীৱনৰ অদম্য ইন্দ্ৰিয়-
বোৰক বশ কৰি ৰাশি ৰাশি ৰিপু দমন কৰি, প্ৰকৃত মনুষ্যত্ব লাভ
কৰিছিল। এয়ে তেওঁৰ বিশেষত্ব।
৺চন্দ্ৰনাথ শৰ্মা।
টীকা।
ন্যুন—( নি+উন ) কম। প্ৰতিভা ( প্ৰতি-ভা+অ ) অসাধাৰণ মানসিক শক্তি।
দুৰ্গম ( দুঃ= দুখেৰে—গম্ = গতিকৰ+ড) যাবলৈ বা সোমাবলৈ টান।
উত্থান ( উৎ+স্থান ) উন্নতি।
ইন্দ্ৰিয়— ( ইন্দ্ৰ+ঘ ) শৰীৰৰ যি বেলেগ বেলেগ ভাগৰ দ্বাৰা জ্ঞান উপাৰ্জ্জন বা কৰ্ম্ম সম্পাদন হয়।