পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সাহিত্য-মুক্তাৱলী।

হ’ল। তেওঁ বিৰি পিন্ধিবলৈ আৰু অস্ত্ৰ লবলৈ ধৰোঁতেই ৰূপসিঙে ওপৰা-উপৰিকৈ সেই অস্ত্ৰেৰেই বৰফুকনক কাটি বধ কৰিলে।

৺ৰত্নেশ্বৰ মহন্ত।

টীকা।

 অমানুষিক— (ন+মানুষ+ষ্ণিক) মানুহৰ পক্ষে অসম্ভব, নীহ।  অভীষ্ট (অভি— ইষ্‌+ক্ত) বাঞ্ছিত।

প্ৰশ্ন।

১। নুমলী ৰাজমাও কোন? তেওঁ বদন বৰফুকনক কিয় মৰালে?

২। বদনক যেতিয়াই তেতিয়াই মাৰিব নোৱৰাৰ কাৰণ কি?

৩। কি অৱস্থাত কেনেকৈ বদনক মৰা হ'ল?

৪। অঠাইত, ঘুনুক-ঘানাক, ছেগ, কথাই কথাই— এই শব্দকেইটাৰে বাক্য ৰচনা কৰা।

⸻⸻

 

প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়।

 আজিলৈকে অনুসন্ধানৰ ফলত যি জানিব পৰা গৈছে, প্ৰাচীন ভাৰতত এই দুটা বিশ্ববিদ্যালয় আছিল। যেনে— তক্ষশীলা, শ্ৰীধান্যকটক, নলন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী।