জীৱনী আৰু কাৰ্য্যাৱলীৰ অধ্যযন আৰু আলোচনা কৰিব লাগিব
আৰু তেওঁলোকে নিৰ্দ্দেশ কৰা সত্যৰ পথত আগুৱাবলৈ প্ৰস্তুত
হব লাগিব। অসমীয়া জাতি আৰু সভ্যতাৰ ভবিষ্যৎ অন্ধকাৰ—
যদি আমি এই মহাপুৰুষসকলৰ প্ৰকৃত মোল নুবুজোঁ, অথবা
বুজিবলৈ চেস্টা নকৰোঁ।
দেশৰ ভবিষ্যতৰ উজ্জ্বল ছবি মনত লৈ, সমাজৰ কল্যাণ কামনা কৰি, সাহিত্যৰ উন্নতি হিয়াত বান্ধি ধৰ্ম্মপথৰ সম্বল গোটাই চলিবলৈ আহাঁ আজি আমি সকলো অসমীয়াই পৱিত্ৰ দিনত আসামৰ শ্ৰেষ্ঠ পুত্ৰ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ চৰণত বিনীতভাবে আমাৰ ভক্তি- পুস্পাঞ্জলি নিবেদন কবি নিজকে কৃতাৰ্থ কৰোঁ।
শ্ৰীলক্ষ্মীধৰ শৰ্ম্মা।
টীকা।
সুপ্তি— ( স্বপ্+ক্তি ) টোপনি। দক্ষিন হস্ত—সোঁহাত, প্ৰধান সহায়।
ব্যাপাৰ—(বি—আ—পৃ = তৎপৰ হ+ঘঞ্ ) কাৰ্য্য, ঘটনা।
উদ্দীপনা —(উৎ— দীপ্ = দীপ্তি কৰ্+অন্ ) উত্তেজনা।
প্ৰেৰণা—( প্ৰ—ঈৰ = গতি কৰ্+অন্) উদগনি।
ওতপ্ৰোত—{( ওত—আ—ৱে=ব+ক্ত)+( প্ৰোত—প্ৰ—ৱে+ক্ত )} দীঘে-পথালিয়ে বোৱা বা সিয়া, সকলো অংশতে জুৰি থকা।
ঐকান্তিক — ( এক+অন্ত +ষ্ণিক্ ) একেটাতে লগা, একনিষ্ঠ, একানপতীয়া।
ধী —( ধ্যৈ =চিন্তা কৰ্+ক্কিপ) চিন্তা কৰা শক্তি, ধাৰণা শক্তি, বুদ্ধি।
প্ৰশ্ন।
১। অসমীয়া সমাজৰ লগত শঙ্কৰদেৱৰ সম্বন্ধ কেনেকুৱা বহলাই লিখাঁ।
২। শঙ্কৰদেৱ আৰু মাধবদেৱৰ সাহিত্য-প্ৰতিভাৰ চমু আভাস দিয়াঁ।