পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
সাহিত্য-মুক্তাবলী।

 ৰামায়ণত কবিয়ে কুঁজীক আমাৰ আগত অতি অলপ সময় হে ৰাখিছে। সূত্ৰধাৰে নাটকৰ প্ৰস্তাবনা কৰি ভাওনাৰ মুখ মেলা দি কুঁজীয়ে মাথোন ৰামায়ণৰ মুখ মেলি দিয়েই আঁতৰ হৈছে। কিন্তু এই অলপ সময় আৰু তাকৰীয়া কথাৰে কুঁজীৰ চৰিত্ৰ কেনেকৈ ফুটিছে, বোধ কৰোঁ আন কোনো চৰিত্ৰ তেনেকৈ ফুটা নাই। এতিয়া আৰু কুঁজীৰ দোষ-গুণ বিচাৰি আমাৰ একো লাভ নাই; গুণ হলেও গুণ, দোষ হলেও দোষ। তথাপি ইয়াতে নকৈ নোৱাৰি যে, ৰাম-বনবাস ৰূপ দুৰ্ঘটনাটোৰ গোটইসোপা দোষকেই আমি কুঁজীৰ ওপৰত দি আহিছোঁ। দি আহিছোঁ কিয়, আজিও দিছোঁ! ৰামক বনলৈ পঠাবৰ আজি বহু হেজাৰ বছৰ অতীত হল,আজিও কুঁজী সেই দোষৰৰ বাহিৰ হব নোৱাৰিলে।

 সংসাৰৰ প্ৰাকৃতিক নিয়ম অনুসাৰে ৰাতিৰ পাচত দিন, এন্ধাৰৰ পাচত পোহৰ, দুখৰ পাচত সুখ, কলঙ্কৰ পাচত যশ হবই। কি কুঁজীৰ কপালত হলে আজিও সেই সিদ্ধান্ত খটা নাই। আজিও কুঁজীৰ নাম শুনিলে সন্তান-বৎসল জননীযে বাৎসল্য ৰসত মতলীয়া হৈ, ভক্তই ভক্তি ৰসত বলিয়া হৈ, প্ৰেমিকাই প্ৰেম ৰসত ভোল গৈ, কুঁজীক গালি পাৰে,— “কুঁজী হে নাশৰ হেতু, কুঁজী হল ধূমকেতু।”

 এই চিৰকালৰ সংস্কাৰৰ বশবত্তী হৈ অবিচাৰ নকৰিলে গোটেই সোপা দোষৰ বোজা কুঁজীৰ কুঁজত নথবও পাৰি।

 ভাৰতত বৈদিক কালৰে পৰা ৰাম বনবাসৰ নিচিনা ডাঙ্গৰ ঘটনা বিনা ৰক্তপাত, বিনা বিবাদেৰে তিনিটিত বাহিৰে আৰু হোৱা নাই। ১ম ৰাম বনবাস। ২য় পাণ্ডৱবিলাকৰ বনবাস। ৩য় ৰাজপুত-