পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
সাহিত্য-মুক্তাৱলী।


তেনেহলে নো বৰ্ত্তমান ৰচনাৰ উদ্দেশ্য কি? প্ৰাতঃস্মৰণীয় পুৰুষসকলক স্মৰণ কৰা মানে সিবিলাকৰ উপকাৰৰ ঋণ পৰিশোধ কৰা নহয়, তেওঁলোকক ভক্তি কৰা হে। ভক্তিৰ বলত ভক্তি- ভাজন উচ্চতৰ নহয়, সি ধুৰুপ; কিন্তু ভক্তৰ মন উচ্চ হয়। মহাত্মাসকলৰ নামোচ্চাৰণ আৰু সিবিলাকৰ অলৌকিক কাৰ্য্যৰ পবিত্ৰ স্মৃতিয়ে ভক্তৰ হৃদয় মহৎ কৰে। সেই বাবেই ভক্তি কৰা সকলোৰে দৈনিক কৰ্ত্তব্য কাম। বিশেষ, “জীৱন চৰিত্ৰই জীৱনৰ সকলোতকৈ ঘাই সোৱঁৰণি আৰু কৃতজ্ঞতা প্ৰকাশৰ ঘাই উপায়।”

 বিদ্যাসাগৰ আধুনিক ভাৰতৰ পৰম গৌৰৱ-স্থল; বঙ্গ-জননীৰ বৰপুত্ৰ। তেওঁৰ দীৰ্ঘজীৱন অবিৰত কৰ্ম্মময় আছিল। প্ৰকৃততে কৰ্ম্মবীৰ আছিল। কৰ্ম্মক তেওঁ সকলো কালতে জিনি ৰাখিছিল, কৰ্ম্মৰ দ্বাৰা কেতিয়াও মুহূৰ্ত্তলৈও পৰাজিত হোৱা নাছিল। তেওঁৰ কৰ্ম্ম সৰ্ব্বতোমুখী আছিল। জীৱনৰ মহাব্ৰত উদ্‌যাপনত তেওঁ যি অসাধাৰণ ক্ষমতা আৰু পুৰুষালি দেখুৱালে, সি পৃথিবীৰ অতি কম লোকৰ ভাগত হে ঘটিছে। তেওঁৰ জীৱন- চৰিত্ৰ সেই দেখি অকল বঙ্গালীৰ পাঠ্য নহয়, ভাৰতবাসীৰ আলোচ্য নহয়, ই জগতবাসীৰ চৰ্চ্চা আৰু অনুকৰণৰ বস্তু।

 মহাপুৰুষসকলৰ জীৱন-চৰিত আলোচনা কৰিলে দেখা যায় যে সিবিলাকৰ প্ৰতিভা, ক্ষমতা আৰু কাৰ্য্যতৎপৰতা কোনো এক বা ততোধিক লক্ষ্যলৈ ধাবিত। একোখন কৰ্ম্মক্ষেত্ৰত সিবিলাক কৰ্ম্মবীৰ। কোনোবা ধৰ্ম্মপ্ৰচাৰক গুৰুৰূপে বৰেণ্য,