সেই কথাষাৰ কবলৈ মানা কৰিলে। কিন্তু মনচুৰে প্ৰত্যেকটো
বেতৰ কোবত “আনলহক, আনলহক” উচ্চাৰণ কৰিবলৈ ধৰিলে।
ঘাতকে কৈছিল, “মই যেন প্ৰত্যেকটো বেতৰ আঘাতৰ লগে লগে
হোচেন ভয় নকৰিবি, এই কথাষাৰ শুনিবলৈ পাইছিলোঁ; ওচৰত
কিন্তু তেনেকুৱা কোনো মানুহেই নাছিল।” শেষত যেতিয়া তেওঁ
কোনোৰকমেই “আনলহক” কথাষাৰৰ পৰা নিবৃত্ত নহল, তেতিয়া
তেওঁক পিঙত দিবলৈ হুকুম আহিল। মহাত্মা হোচেন মনচুৰে হাঁহি
হাঁহি “হক হক আনলহক” বুলি পিঙত উঠিলগৈ। এনে সময়তে
এজন ফকিৰ আহি প্ৰশ্ন কৰিলে,—“প্ৰেম কি?” তেওঁ
কলে, “আজি দেখিবা, কাইলৈ দেখিবা, পৰহিলৈ দেখিবা প্ৰেম
কি?” অৰ্থাৎ আজি তেওঁক বধ কৰি কাইলৈ তেওঁৰ
ভেলটো জুইত পুৰি পৰহিলৈ নাম-নিচান একোকে নোহোৱা কৰি
পেলাব। মৃতু-যন্ত্ৰণাৰ সময়তো তেওঁৰ জ্ঞানৰ অলপো ইফাল-
সিফাল হোৱা নাছিল। যেয়ে যি প্ৰশ্ন সুধিছিল সকলোৰে তেওঁ
ঠিক ঠিক উত্তৰ দি আছিল। তেওঁ শূলত আৰোহণ কৰিবৰ সময়ত
মানুহবিলাকক সম্বোধন কৰি কৈছিল,—“বীৰপুৰুষৰ স্বৰ্গাৰোহণৰ
সোপানবিলাক শূল-শলাৰ।” তেওঁ শূলত আৰোহণ কৰা মাত্ৰেই
কিছুমান নিষ্ঠুৰ মানুহে তেওঁৰ গালৈ শিলগুটি দলিয়াবলৈ ধৰিলে।
ইমানবোৰ অত্যাচাৰতো তেওঁ একমুহূৰ্ত্তলৈও বিচলিত হোৱা নাছিল।
তেওঁৰ যেতিয়া হাত দুখন কাটি পেলোৱা হয়, তেতিয়া তেওঁ
কৈছিল,—“মানবীয় হাত কাটি পেলোৱা একো টান নহয়,
মোৰ আধ্যাত্মিক হাতে যে, স্বৰ্গৰ আগৰ পৰা গৌৰৱৰ
পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১১৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
মহাত্মা হোচেন মনচুৰ।