পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিছিল , “প্ৰভু, তোমাৰ অশেষ কৰুণাৰ বলত মই লাজ নিবাৰণ কৰিবলৈ এই কাপোৰ পাইছোঁ—মই জীয়াই থাকোঁমানে ই মোৰ শোভা বঢ়াব। ইয়াৰ গুণ ভাগৰ কাৰণে তোমাক শত ধন্যবাদ, কিন্তু ইয়াৰ দোষ ভাগৰ পৰা মোক সদায় ৰক্ষা কৰিবা।”

 তেওঁ খাইছিল অতি সাধাৰণ আহাৰ; সিও বহুত দিন দুবেলা হে নেলাগে এবেলাকৈও মিলা নাছিল। অধিকাংশ সময়ত খেজুৰ খাই, কেতিয়াবা একেবাৰেই নিৰম্বু উপবাস কৰি দিন নিয়াব লগা হৈছিল। শুইছিল কঠ এটাত। নিজৰ কাপোেৰ নিজে ধুই নিকা কৰি লৈছিল। জোতা আৰু কাপোৰ ফাটিলে নিজহাতে চিলাই কৰি লৈছিল। ঘৰ-দুৱাৰ নিজে সাৰি-পুছি পৰিষ্কাৰ কৰি লৈছিল। অহঙ্কাৰ নিচেইকৈ নাছিল—আৱশ্যক মতে গাধৰ ওপৰত উঠিও গৈছিল। কোনো দাসে খাবলৈ নিমন্ত্ৰণ কৰিলে তালৈ কেতিয়াও অৱহেলা নকৰিছিল। তেওঁ কৈছিল, “মই নিজেও এজন ঈশ্বৰৰ দাস”। খাবৰ আগতে তেখেতে সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল। গা ধোৱাৰ পূৰ্ব্বে তেওঁ সদায় দাঁত ঘঁহিছিল। মূৰত তেল আৰু চকুত অঞ্জন ঘনাই সানিছিল। তেখেতে কোনো অলঙ্কাৰ নিপিন্ধিছিল। এবাৰ এজন শিষ্যৰ আগ্ৰহ এৰাব নোৱাৰি এটা সোণৰ আঙ্গঠি পিন্ধি দুদিনৰ পিচত খহাই দি কৈছিল, “ই মনটো কেতিয়াবা ঈশ্বৰৰ পৰা আঁতৰ কৰিব খোজে। এনে বস্তুৰ ব্যৱহাৰ কৰা অবিধি।” তেওঁ শত্ৰুক সদায় ক্ষমা কৰিছিল; বিলাসিতা বৰ্জ্জন কৰিছিল।

 তেওঁ সকলোকে সদয় ব্যৱহাৰ কৰিছিল, নিজৰ দাসসকলক