ইয়াৰ কিছুদিনৰ পিচতে ৰামকান্তই পুত্ৰশোেকত প্ৰাণত্যাগ কৰিলে।
এতিয়া পিতৃহানি হোৱাত তেওঁ সম্পূৰ্ণ স্বাধীন হৈ নিজ মত
প্ৰচলন কৰিবৰ মহা সুবিধা পালে। অজস্ৰ ধন, বিপুল অধ্যৱসায়
আৰু অতিশয় কষ্ট স্বীকাৰ কৰি ৰামমোহনে ১৮৩০ চনত
কলিকতাত ব্ৰাহ্মসমাজ স্থাপন কৰিলে। ভাৰতৰ ধৰ্ম্মসমাজত নতুন
যুগ আৰম্ভ হল।
ইয়াৰ পিচত তেওঁ সমাজ-সংস্কাৰত উঠি পৰি লাগিল। সেই সময়ত হিন্দুৰ মাজত সতীদাহ বা সহমৰণ নামে এটা বৰ কুপ্ৰথা প্ৰচলিত আছিল। সেই কুপ্ৰথা গুচাবৰ কাৰণে তেওঁ প্ৰাণপণে চেষ্টা কৰিবলৈ ধৰিলে। সেই সময়ত সকলো তিৰোতাই যে সতী গৈছিল এনে নহয়, অনেক মানুহে বিধবা তিৰোতাক ভৰণ-পোষণ দিয়া কাৰ্য্যৰ পৰা অব্যাহতি পাবৰ আশাৰে জোৰ কৰি ভাৰ্য্যাক তেওঁৰ মৃত-স্বামীৰ চিতাত তুলি দিছিল। এনে পৈশাচিক নৃশংস কাৰ্য্য যে ভীষণ নৰহত্যা তাত কোনো সন্দেহ নাই। এই কুপ্ৰথাৰ অপকাৰিতা ৰজা প্ৰজা সকলোৱে উপলব্ধি কৰিছিল বুলিও কোনেও তাৰ বিপক্ষে থিয় দিবলৈ সাহ নকৰিছিল। কিন্তু ৰামমোহনৰ অদম্য মনোবলৰ আগত এনে প্ৰথা বেছি দিন টিকিব নোৱাৰিলে। ৰামমোহনৰ অসীম চেষ্টাৰ ফলত সেই সময়ৰ গবৰ্ণৰ জেনেৰেল মহাত্মা লৰ্ড বেন্টিঙ্কে আইন জাৰি কৰি, সেই ভয়াবহ প্ৰথা চিৰকাললৈ বন্ধ কৰি দিলে। ইয়াৰ পিচতো ৰামমোহনে বঙ্গদেশৰ কুলীন কন্যাবিলাকক চিৰকুমাৰী কৰি ৰখাৰ প্ৰথা আৰু বালিকা-বিবাহ
প্ৰথা ৰহিত কৰাত অক্লান্ত পৰিশ্ৰম কৰিছিল।