সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সাহিত্য-মুক্তাৱলী।

টীকা।

কেৱাৰ— গোলামি।

প্ৰশ্ন— (প্ৰচ্ছ্‌+ন) যি সোধা যায়।

কৈৱল্য ( কেৱল+ষ্ণ্য) ঈশ্বৰৰে সৈতে অভিন্ন অবস্থা।

 

প্ৰশ্ন।

১। ব্যাখ্যা কৰা:— (ক) উদৰাগ্নিৰ নিচিনা ••• কৰিব নোৱাৰে

  (খ) মনুষ্য আকাৰত ••• ধৰিব পাৰে।

২। জল-জোখ কি? কোনে তাক আবিষ্কাৰ কৰিছিল?

৩। মূলমতে অৰ্থ লিখাঁ— দুৰ্ল্লভ, পণ্ডিত, যোগী, ব্ৰহ্মাণ্ড।

⸻⸻

 

নুমলী ৰাজমাওৰ কলঙ্ক

বা

বদন বৰফুকনৰ মৃত্যু।

 দীঘলা গোঁহাইদেউ বৰ ভাগ্যবান পুৰুষ আছিল। তেওঁৰ দুযোটি পুতেক (কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ ) ৰজা হয়। তদুপৰি তেওঁ যিজনী তিৰোতা পাইছিল। তেওঁ বৰ গুণৱতী আৰু চতুৰা আছিল। কেৱল তেওঁৰ গাত এই এটা ঘোৰ কলঙ্ক যাৱচ্চন্দ্ৰ-দিবাকৰলৈকে ৰল, যে তেওঁ তিৰোতা হৈ, মাতৃ হৈ, বৰ মানুহ এজনৰ ৰক্তপাত কৰাই প্ৰাণ লবলৈ অলপো আশঙ্কা