পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সমুদ্ৰ-যাত্ৰা

( এডেনৰ পৰা পোৰ্ট চেইডলৈ )

 [ লিখক লণ্ডনত পতা ঘূৰণীয়া চ’ৰাৰ মেললৈ অসম দেশৰ প্ৰতিনিধি মনোনীত হৈ প্ৰথম বাৰ ১৯৩০ চনৰ ১৮ অক্টোবৰৰ দিনা বম্বেৰ পৰা যাত্ৰা কৰি ২২ অক্টোবৰৰ দিনা আবেলি এডেন পাইছিলগৈ।]

 ২২ তাৰিখে গধূলি এডেন এৰি, ২৫ তাৰিখে আবেলি চুৱেজ যোজকত সোমালোঁগৈ। এডেনৰ পৰা একেৰাহে গৈ গৈ, ২৬ তাৰিখৰ দিনা পুৱা ৫ বজাত, জাহাজ একেবাৰেই চুৱেজ বন্দৰত ৰ'ল গৈ। তাতে জাহাজ এৰি, মোটৰেৰে ইজিপ্টৰ ৰাজধানী কেইৰো নগৰলৈ যাব পাৰি। নগৰত এপাক ফুৰি-চাকি আৰু ইজিপ্টৰ “পিৰামিড” কেইটাও চাই-চিতি, ৰেলেৰে আহি গধূলি আঠ বজাত পোৰ্ট-চেইড্‌ বন্দৰত আকৌ জাহাজ ধৰিবৰ চল আছে। কিন্তু বাট ভালেখিনি। আমাৰ লগৰ অনেকে সেইদৰেই চাই-চিতি আহিল গৈ।

 চুৱেজতে অলপ বেলি ৰৈয়েই, জাহাজ “চুৱেজ কেনেল্‌” ত সোমাই অতি লাহে লাহে চলিবলৈ ধৰিলে। সাধাৰণতে ডাঙ্গৰ জাহাজ বোৰ ঘণ্টাত ১৮।২০ মাইলকৈ চলে। চুৱেজখালত কিন্তু ৫॥ মাইলৰ ওপৰে চলাবলৈ নিদিয়ে। এই খালটো এটা চালগীয়া