পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
নুমলী ৰাজমাওৰ কলঙ্ক বা বদন বৰফুকনৰ মৃত্যু।

মাক থকাৰ নিমিত্তেই, সেই ফলীয়া হল। ৰূপসিং নামেৰে হিন্দুস্থানী চিপাহী এটা ৰজাৰ সেনাদলৰ ভিতৰত আছিল। ৰাজমাওদেউতাই বৰফুকনক হত্যা কৰিবৰ নিমিত্তে এই ৰূপসিংঙক বৰকৈ ধৰিলে। ৰূপসিং পোনে পোনে অসম্মত হ’ল। কিন্তু “অৰ্থেন সৰ্ব্বে বশাঃ”— বঁটা-বক্‌চিচ পোৱাৰ আশাত ৰূপসিঙে বৰফুকনক কাটিবলৈ গাত ললে। ৰাজমাওদেউতাই ৰূপসিঙক কলে যে “আন সময়ত বৰফুকনক কাটিব নোৱাৰ;— বৰফুকনৰ হাতত বিৰি গোটাদিয়েক আছে। সেই বিৰিকেটা গাত থাকেমানে তেওঁক অস্ত্ৰে নেকাটে। তেওঁ শৌচলৈ গ'লে বিৰিকেটা ওচৰতে খহাই থৈ শৌচ কৰিবলৈ বহে। তই তেতিয়াই, বিৰিকেটা হাতত নৌ পিন্ধিবলৈ পাওঁতেই তেওঁক নেকাটিলে কাটিব নোৱাৰ।” ৰূপসিঙে সকলো কথা বুজ পাই, ছেগ বুজি এদিন বৰফুকনৰ ঘৰলৈ গল। বৰফুকন দৈৱগতিকে তেতিয়া শৌচলৈ গৈছিল। আগৰ ৰজা আৰু ডাঙৰ মানুহে প্ৰায় হাতত অস্ত্ৰ একো ডুখৰি নোহোৱাকৈ নাথাকিছিল। বৰফুকনেও সদায় তৰোৱাল একোখনি লগৰ পৰা নুগুচাইছিল। শৌচলৈ যাওঁতে বৰফুকনে গা ধুবলৈ যতনাই দিয়া ঠাইতে শৰাই এখনৰ ওপৰত বিৰিকেটা আৰু তৰোৱালখনি থৈ শৌচত বহিছিল। এনে সময়তে ৰূপসিং ওলালগৈ। বদনচন্দ্ৰে পানী লৈ অকস্মাতে ৰূপসিং যোৱাৰ কাৰণ সোধাত সি ক'লে যে, কোনো বিশেষ কাৰ্য্যত সি ফুকনক চেলাম দিবলৈ গৈছিল। ফুকনৰ বিপক্ষে মানুহ গোটখোৱা কথাবিলাক মাজে মাজে ঘুনুক-ঘানাক্‌ কৈ ফুকনৰ কাণত পৰিছিল। অসময়ত অঠাইত ৰূপসিঙক দেখি তেওঁৰ মনত আশঙ্কা